NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদী বিৰোধী অভিযান; পুনৰ এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 10, 2022 4:30 pm
Jammu and Kashmir

বিগত কিছুদিন ধৰি জম্মু-কাশ্মীৰত চলি থকা সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ অংশ হিচাপে আজি দেওবাৰে মাজনিশা দক্ষিণ কাশ্মীৰৰ কুলগামত সংঘটিত গুলীচালনাত পুনৰ দুজন উগ্ৰপন্থী নিহত হয়।

এই অভিযানকে ধৰি বছৰৰ প্ৰথম ১০ দিনত কাশ্মীৰত নিহত উগ্ৰপন্থীৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পায়।

আৰক্ষীয়ে বৰ্তমানলৈকে উগ্ৰপন্থীকেইজনক চিনাক্ত কৰিব পৰা নাই যদিও আল বদৰ উগ্ৰপন্থী সংগঠনৰ সদস্য আছিল বুলি সন্দেহ কৰিছে।

দেওবাৰে সন্ধিয়া জম্মু-কাশ্মীৰ আৰক্ষী, সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ এটা যুটীয়া দলে গাওঁখনত উগ্ৰপন্থীৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱাৰ পিছত কুলগামৰ হুচানপোৰা গাওঁখন ঘেৰাও কৰে।

 

আৰক্ষীয়ে কয় যে লুকাই থকা উগ্ৰপন্থীসকলে গুলীচালনা কৰে আৰু নিৰাপত্তা বেষ্টনী ভাঙিবলৈ চেষ্টা কৰে। সেনাই ইয়াৰ প্ৰত্যুত্তৰত গুলীবৰ্ষণ কৰে আৰু দুয়োজন উগ্ৰপন্থীক হত্যা কৰে।