NORTHEAST NOW (Assamese)
Popular Stories

স্বামীক নকব এই ৩টা গোপন কথা, জুই লাগিব সংসাৰত! সতৰ্ক কৰিছে চাণক্যই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 10, 2023 7:43 am

চাণক্য আছিল প্ৰথম মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্তৰ ৰাজনৈতিক উপদেষ্টা। কূটনীতিৰ বিশেষ দক্ষতাৰ বাবে তেওঁক কৌটিল্য বুলিও কোৱা হৈছিল। প্ৰাচীন ভাৰতৰ এই বিশিষ্ট অৰ্থনীতিবিদগৰাকীয়ে অৰ্থশাস্ত্ৰ নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল। ইয়াৰ বাহিৰেও তেওঁৰ গ্ৰন্থ চাণক্য নীতিত জীৱনৰ কোন ক্ষেত্ৰত কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই সম্পৰ্কে উল্লেখযোগ্য পৰামৰ্শ সন্নিবিষ্ট কৰা হৈছে। চাণক্যই সুখী বিবাহিত জীৱনৰ বাবেও কিছু উপদেশ দিছে।

পাৰিবাৰিক জীৱনত স্বামী-স্ত্ৰী ইজনে সিজনৰ পৰিপূৰক। সুখী বিবাহিত জীৱনৰ বাবে দুয়োৰে সক্ৰিয় ভূমিকা বিশেষভাৱে গুৰুত্বপূৰ্ণ। কিন্তু চাণক্যই কৈছে যে কিছুমান গোপন কথা আছে যিবোৰ পত্নীয়ে কেতিয়াও স্বামীক ক’ব নালাগে। এই কথাবোৰ যদি পত্নীয়ে স্বামীক কয়, তেন্তে পৰিয়ালত বহুতো অশান্তিৰ সৃষ্টি হ’ব পাৰে।

পত্নীয়ে কোনবোৰ কথা ভুলতো স্বামীক নকব?

* চাণক্যই কৈছে যে বিয়াৰ পিছত পত্নীয়ে শাহুৱেক আৰু শহুৰেকৰ কোনো এজনৰ নিন্দা বা সমালোচনা স্বামীৰ আগত কৰিব নালাগে। ইয়াৰ ফলত তেওঁলোকৰ মাজৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে।

* দান অতি গুণী কাম। কিন্তু দানৰ পুৰস্কাৰ তেতিয়াহে পোৱা যায় যেতিয়া আন কোনোৱে দানৰ বিষয়ে নাজানে। যদি আপুনি দান কৰি সকলোকে সেই কথা কয়, তেন্তে দান কৰি লাভ নাই। গতিকে পত্নীয়ে যদি কাৰোবাক কিবা এটা দান কৰে তেন্তে প্ৰয়োজনীয় নহ’লে স্বামীক সেই বিষয়ে নোকোৱাই ভাল।

* চাণক্যৰ পৰামৰ্শ মতে পত্নীয়ে স্বামীৰ উপাৰ্জনৰ এটা অংশ অঁতৰাই ৰাখিব লাগে আৰু স্বামীক সেই বিষয়ে জনাব নালাগে। ভৱিষ্যতে যদি আৰ্থিক অসুবিধাৰ সৃষ্টি হয়, তেন্তে সেই ধন উলিয়াই দিয়ক। কাকো নোকোৱাকৈ যদি কিছু ধন একাষৰীয়া কৰি ৰাখে তেন্তে প্ৰয়োজনৰ সময়ত সেয়া উপযোগী হৈ পৰে।

সুখী বিবাহৰ বাবে কি কৰিব লাগে?

*পত্নী বা স্বামী, কোনেও এজনক আনৰ লগত তুলনা কৰিব নালাগে। ইয়াৰ ফলত পত্নীক অপমান আৰু আঘাত দিয়া হয় আৰু সংসাৰত অশান্তি হ’ব পাৰে।

* চাণক্যৰ উপদেশ অনুযায়ী স্বামী-স্ত্ৰী দুয়োজনে ইজনে সিজনৰ লগত নম্ৰভাৱে কথা পাতিব লাগে। এজনে আন এজনৰ প্ৰতি ৰুক্ষ ব্যৱহাৰ কৰিলে সেই পৃথিৱীত কেতিয়াও সুখ আৰু শান্তি থাকিব নোৱাৰে। নম্ৰ হোৱাটোৱে খং আৰু ক্ষোভ দূৰ কৰাত বহুখিনি সহায় কৰিব পাৰে।

* চাণক্যই বিবাহিত জীৱনত খং নিয়ন্ত্ৰণ কৰিবলৈ পৰামৰ্শ দিছে। খং নিয়ন্ত্ৰিত নহ’লে সেই বিবাহিত জীৱন সুখী নহয়। কাৰণ খঙৰ সময়ত আমি ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য জুখিব নোৱাৰো।