NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকাৰ পাৰমাণৱিক কাৰ্যসূচীৰ গোপন নথি-পত্ৰ বাথৰুমতো ৰাখিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 10, 2023 8:27 am

দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ পাৰমাণৱিক কাৰ্যসূচীৰ গোপন নথি-পত্ৰ নিজৰ ব্যক্তিগত বাসগৃহৰ বাথৰুমত ৰাখিছিল। ইয়াৰ উপৰিও আমেৰিকা চৰকাৰৰ বহু গোপন নথি ব্যক্তিগত জিম্মাত ৰখাৰ সন্দৰ্ভত দেশৰ ন্যায় বিভাগে ট্ৰাম্পৰ বিৰুদ্ধে ৩৭টা অপৰাধমূলক অভিযোগ উত্থাপন কৰে। স্থানীয় সময় অনুসৰি শুকুৰবাৰে ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ৰাজহুৱা কৰা হয়।

অভিযোগনামাত উল্লেখ কৰা অনুসৰি ট্ৰাম্পৰ হাতত থকা গোপনীয় নথি-পত্ৰত আমেৰিকাৰ পাৰমাণৱিক অস্ত্ৰ কাৰ্যসূচী, আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ নিৰাপত্তাৰ ব্যৱধান, আক্ৰমণৰ সন্মুখীন হ’লে আমেৰিকাই সামৰিক আক্ৰমণৰ দ্বাৰা কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব তাৰ পৰিকল্পনাও সন্নিবিষ্ট কৰা আছে। কোৱা হয় যে যদি এই গোপনীয় নথি-পত্ৰসমূহ উন্মোচিত হয় তেন্তে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব পাৰে।

লগতে পঢ়ক: লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট ভবেন সন্দিকৈ

সেই সকলোবোৰ গোপন নথি-পত্ৰ তেওঁ কেনেকৈ তদন্তকাৰী আৰু তেওঁৰ অধিবক্তাৰ পৰা লুকুৱাই ৰাখিছিল তাৰ সবিশেষো প্ৰকাশ পাইছে। অভিযোগ অনুসৰি নথি-পত্ৰসমূহ কেইবাটাও বাকচত ভৰাই ফ্ল’ৰিডাৰ মাৰ-এ-লাগো ৰিজ’ৰ্টৰ আশে-পাশে বিভিন্ন স্থানলৈ লৈ যোৱা হৈছিল। পিছলৈ তাৰ পৰা কিছুমান নথি-পত্ৰ উৰাজাহাজেৰে নিউ জাৰ্ছিৰ বেডমিনিষ্টাৰত তেওঁৰ মালিকানাধীন গলফ ক্লাবলৈ লৈ যোৱা হয়।

অভিযোগনামা অনুসৰি ২০২১ চনৰ জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত দুবাৰকৈ ট্ৰাম্পে আনক গোপনীয় পাৰমাণৱিক অস্ত্ৰ সম্পৰ্কীয় নথি-পত্ৰ দেখুৱাইছিল। ইয়াৰে প্ৰথম ঘটনাটো আছিল বেডমিনিষ্টাৰৰ ট্ৰাম্প নেশ্যনেল গ’ল্ফ ক্লাবত। এজন লেখক, এজন প্ৰকাশক আৰু তেওঁৰ দুজন কৰ্মচাৰীৰ সৈতে হোৱা বৈঠকৰ সময়ত তেওঁ এই গোপন নথি প্ৰকাশ কৰে। এই লোকসকলৰ কোনো এজনৰেই নথি-পত্ৰ চোৱাৰ কৰ্তৃত্ব নাছিল।

ট্ৰাম্পে নিজেই নিশ্চিত কৰিছে যে তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰৰ গোপনীয়তাৰ সৈতে জড়িত এটা গোচৰত অভিযুক্ত কৰা হৈছে। যোৱা বৃহস্পতিবাৰে ট্ৰাম্পে ছ’চিয়েল মিডিয়া চাইট ট্ৰুথ ছ’চিয়েলত লিখিছিল যে তেওঁক মিয়ামিৰ ফেডাৰেল আদালতত হাজিৰ হ’বলৈ চমন জাৰি কৰা হৈছে। তেওঁ নিজকে নিৰ্দোষী বুলি দাবী কৰিছে।

লগতে পঢ়ক: সুন্দৰীৰে ভৰি পৰিব দেশ! তিনি দশকৰ পাছত এইবাৰ ভাৰতত অনুষ্ঠিত হ’ব ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা

এই গোচৰত দোষী সাব্যস্ত হ’লে ট্ৰাম্পক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব পাৰে। ইয়াৰ পূৰ্বে মাৰ্চ মাহত ট্ৰাম্পৰ বিৰুদ্ধে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছৰ উৎকোচৰ সৈতে জড়িত অপৰাধমূলক গোচৰত অভিযুক্ত হৈছিল। ট্ৰাম্প এনে অপৰাধৰ অভিযোগত অভিযুক্ত হোৱা প্ৰথমজন আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।