NORTHEAST NOW (Assamese)
অসম

বিদ্যুৎ সংযোগ দাবী কৰি ৰাজপথ উত্তাল কৰিলে বুঢ়া-বুঢ়ী গাৱঁৰ বাসিন্দাই

Posted by: ছফিকুল আহমেদ May 4, 2018 9:03 pm
bura buri gaon

গোৱালপাৰা জিলাৰ বালিজানা উন্নয়ন খণ্ডৰ অন্তৰ্গত বুঢ়া-বুঢ়ী গাৱঁৰ বাসিন্দাসকলে বৃহস্পতিবাৰে বিদ্যুত সংযোগ নিদিয়াৰ বাবে হাতত লেম চাকি লৈ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। কালপানী চান্দমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত  বিশেষকৈ গাৰো জনগোষ্ঠীয় লোকৰ আৱাসভূমি এই গাওঁখনৰ ৰাইজে অলপতে প্ৰধান মন্ত্ৰী মোদীয়ে দেশৰ সকলো স্থানতে বিদ্যুত সংযোগ সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰাৰ বাৰ্তা লাভ কৰা পাছত এইদৰে প্ৰতিবাদ মুখৰ হৈ ৰাজপথলৈ ওলাই আহে।

অৱশ্যে এই প্ৰতিবাদৰ পৃষ্ঠভূমিত কোনো ৰাজনৈতিক দল জড়িত নাই বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ছাব মেনেজাৰ ৰেভিনিউ- বিদ্যুত বিভাগৰ সহকাৰী অভিযন্তা পৰ্যায়ৰ বিষয়া কৃষাণু দাসে জানিবলৈ দিয়া মতে এই গাওঁখনত বিদ্যুত সংযোগ কৰা হোৱা নাই। দাসে জানিবলৈ দিয়া মতে এই গাঁওখনক চৰকাৰৰ সৌভাগ্য আঁচনিৰ অধীনলৈ অনা হৈছে যদিও ইয়াত আৰু অতিৰিক্ত ২০টা সংযোগৰ প্ৰয়োজন আছে, সেয়েহে অতিৰিক্ত পেৰা-মিটাৰ, ট্ৰেন্সফৰ্মাৰ আৰু তাঁৰ যোগান ধৰাৰ বাবে উৰ্ধতৰ কৰ্তৃপক্ষলৈ লিখা হৈছে।

কৃষাণু দাসে জানিবলৈ দিয়া মতে যি সমূহ গাওঁত ২০ টাতকৈ কম সংযোগৰ প্ৰয়োজন আছে সেই সেই গাঁওত যুদ্ধকালীন তৎপৰতাৰে সংযোগ দি থকা হৈছে। এই সপ্তাহতে তেওঁলোকে কদমতলা আৰু দেউলগুৰি গাওঁত বিদ্যুত সংযোগ সম্পূৰ্ণ কৰিছে বুলি জনাইছে।

এচাম লোকে অভিযোগ কৰিছে যে ডাইমণ্ড নামৰ এজন ঠিকাদাৰক বুঢ়া-বুঢ়ী গাৱঁত বিদ্যুত সংযোগ দিয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছিল যদিও অজ্ঞাত কাৰণত তেওঁ সেই কাম অসম্পূৰ্ণ কৰি এৰি গৈছে।এই চাম লোকেই এই গাওঁখন কিয় ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকীকৰণ আঁচনি বা দীনদয়াল আঁচনিৰ অধীনলৈ অনা হোৱা তাকে লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।