NORTHEAST NOW (Assamese)
অসম

বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা কৰি পেলাই থৈ গ’ল গোৱালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 12, 2023 10:13 am

গোৱালপাৰাত বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা কৰাৰ এক ঘটনা  সংঘটিত হৈছে। গোৱালপাৰাৰ কৃষ্ণাইৰ শালপাৰাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বিজেপি নেত্ৰীগৰাকীক দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যায়।

দুৰ্বৃত্তই এইদৰে হত্যা কৰি পথৰ কাষত পেলাই থৈ যোৱা বিজেপি নেত্ৰীগৰাকীৰ মৃতদেহ নিশাৰ ভাগত উদ্ধাৰ হয় ৷ স্থানীয় লোকে মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।

হত্যাৰ বলি হোৱা মহিলাগৰাকীক গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা জোনালী নাথ বুলি চিনাক্ত কৰা হৈছে৷ তেওঁৰ ঘৰ গোৱালপাৰাৰ মাটিয়াত।

বাতৰি অনুসৰি, দেওবাৰে বিয়লি মাটিয়াৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছত মাটিয়াৰ ওচৰেৰে এখন বজাৰত জোনালী নাথক স্থানীয় লোকে দেখা পাইছিল। কিন্তু নিশা তেওঁৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।

আৰক্ষীয়ে নিশাই মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ গোৱালপাৰালৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।