NORTHEAST NOW (Assamese)
Popular Stories

আমি শান্তিৰ পক্ষত আছোঁ – নৰেন্দ্ৰ মোডী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2023 5:07 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে কয় যে চলি থকা ৰাছিয়া-ইউক্ৰেইন সংঘাতত ভাৰতে শান্তিৰ পক্ষত থিয় দিছে। ইতিমধ্যে এই কথা ৱাল ষ্ট্ৰীট জাৰ্নেলে প্ৰকাশ কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ পূৰ্বে ডব্লিউ এছ জেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মোডীয়ে কয় যে যেতিয়া ইউক্ৰেইনৰ সংঘাতৰ কথা আহে, তেতিয়া কিছুমান লোকে কয় যে আমি নিৰপেক্ষ। কিন্তু আমি নিৰপেক্ষ নহয়। আমি শান্তিৰ পক্ষত আছো।

নতুন দিল্লীৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত ডব্লিউ এছ জেৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মই ভাবো ভাৰতৰ স্থিতি সম্পৰ্কে সমগ্ৰ বিশ্ব জ্ঞাত আৰু সকলোৱে ভাৰতৰ স্থিতি ভালদৰে বুজি পাইছে। ভাৰতৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ শান্তি বুলি বিশ্বৰ সম্পূৰ্ণ আস্থা আছে।”

তেওঁ কয় যে সকলো দেশেই আন্তঃৰাষ্ট্ৰীয় আইন আৰু দেশৰ সাৰ্বভৌমত্বক সন্মান কৰিব লাগে। বিবাদ যুদ্ধৰ দ্বাৰা নহয়, কূটনীতি আৰু আলোচনাৰ দ্বাৰা সমাধান কৰিব লাগে। 

উল্লেখ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ সৈতে কেইবাবাৰো কথা পাতিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।

মোদীয়ে কয়, “ভাৰতে যি পাৰে কৰিব, সংঘাতৰ অন্ত পেলোৱা আৰু চিৰস্থায়ী শান্তি আৰু স্থিতিশীলতা নিশ্চিত কৰাৰ সকলো প্ৰকৃত প্ৰচেষ্টাক ভাৰতে সমৰ্থন কৰে।”

লগতে তেওঁ কয় যে আমেৰিকা আৰু ভাৰতৰ নেতাসকলৰ মাজত এক অভূতপূৰ্ব সম্পৰ্ক আছে। দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান প্ৰতিৰক্ষা সহযোগিতাক এক গুৰুত্বপূৰ্ণ স্তম্ভ বুলি গণ্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।