NORTHEAST NOW (Assamese)
Popular Stories

দুৰ্নীতিত শূন্য সহনশীল চৰকাৰ! ব্যাপক কেলেংকাৰী জল জীৱন মিছন প্ৰকল্পত

Posted by: এন ই নাও, গুৱাহাটী Updated by: এন ই নাও, গুৱাহাটী June 25, 2023 3:46 pm

দেওবাৰে যোগীঘোপাত নিৰ্মাণৰত এখন দেৱাল ভাঙি পৰাৰ পিছতে জল জীৱন মিছনৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।

জল জীৱন অভিযানৰ অন্তৰ্গত অঞ্চলটোত পানী যোগানৰ সুবিধাৰ বাবে নিৰ্মাণ কৰি থকা দেৱালখন হঠাতে ভাঙি যায়।

ঘটনাটো লক্ষ্য কৰাৰ পিছত স্থানীয় ৰাইজে কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি লগতে কয় যে নিৰ্মাণৰ বাবে নিম্নমানৰ বালি, শিল আৰু চিমেণ্ট ব্যৱহাৰ কৰা হৈছে।

নিৰ্মাণৰ বাবে আবণ্টিত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰৰ বিৰুদ্ধে।

উল্লেখযোগ্য যে জল জীৱন মিছন হৈছে ২০২৪ চনৰ ভিতৰত ভাৰতৰ গ্ৰাম্য অঞ্চলৰ সকলো ঘৰতে সুৰক্ষিত আৰু পৰ্যাপ্ত খোৱাপানী যোগান ধৰাৰ কল্পনা কৰা এক আঁচনি।

কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখনৰ নামত হৈ থকা দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে।