NORTHEAST NOW (Assamese)
অসম

ছান ফ্ৰান্সিস্কোত ভাৰতীয় দূতাবাসত অগ্নিসংযোগ খালিস্তানপন্থীৰ! পাঁচ মাহত দ্বিতীয়টো আক্ৰমণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 4, 2023 9:35 am

আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত পুনৰ ভাৰতীয় দূতাবাসত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। গভীৰ নিশা দুষ্কৃতিকাৰীয়ে দূতাবাসত অগ্নিসংযোগ কৰে। দূতাবাসৰ ভৱনৰ এটা অংশত জুই লাগে। এই ঘটনাত খালিস্তান পন্থীৰ দিশে অভিযোগ উত্থাপিত হৈছে৷ ছান ফ্ৰান্সিস্কোত থকা ভাৰতীয় দূতাবাসত পাঁচ মাহৰ ভিতৰত এইটো দ্বিতীয়টো আক্ৰমণৰ ঘটনা।

ছান ফ্ৰান্সিস্কোৰ স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি দেওবাৰে মাজ নিশা (স্থানীয় সময় অনুসৰি ১.৩০ৰ পৰা ২.৩০) ভাৰতীয় দূতাবাসৰ সন্মুখত একাংশ দুষ্কৃতিকাৰী সমবেত হয়। তেওঁলোকে দূতাবাসত জুই লগাই দিয়ে। ক্ষন্তেকতে জুই চাৰিওফালে বিয়পি পৰে। দূতাবাসৰ ভৱনৰ এটা অংশ জ্বলি উঠে।

অভিযোগ অনুসৰি, খালিস্তান সমৰ্থকে দূতাবাসত অগ্নিসংযোগ কৰে। অৱশ্যে এই ঘটনাত হতাহতৰ কোনো খবৰ পোৱা নাই। অগ্নিনিৰ্বাপক বাহিনীয়ে খবৰ লাভ কৰি ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। কিছু মুহূৰ্তৰ ভিতৰতে তেওঁলোকে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে এই কথা নিশ্চিত কৰিছে।  তেওঁ লগতে কয় যে আমেৰিকাই যিকোনো ধৰণৰ হিংসা আৰু ধ্বংসাত্মক কাৰ্যকলাপৰ তীব্ৰ বিৰোধিতা কৰে। বিশেষকৈ বিদেশী প্ৰতিনিধিৰ ওপৰত আক্ৰমণ আমেৰিকাত শাস্তিযোগ্য অপৰাধ।

যোৱা মাৰ্চ মাহতো ছান ফ্ৰান্সিস্কোত থকা এই ভাৰতীয় দূতাবাসত আক্ৰমণ কৰা হৈছিল। সেই সময়ত খালিস্তানী নেতা অমৃতপল সিং ভাৰতত পলাতক আছিল। পঞ্জাৱ আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ দেশজুৰি নিশ্চিদ্ৰ তালাচী চলাইছিল।

সেই সময়তো ছান ফ্ৰান্সিস্কোৰ খালিস্তানী সমৰ্থকে আৰক্ষীৰ অভিযানৰ বিৰোধিতা কৰি দূতাবাসটোত আক্ৰমণ চলাইছিল। দূতাবাস ভাঙি লণ্ডভণ্ড কৰিছিল। আনকি দূতাবাসৰ ভিতৰতে খালিস্তানী বেনাৰো এৰি থৈ গৈছিল। তাত লগতে আছিল অমৃতপালৰ মুক্তিৰ দাবী জনোৱা পোষ্টাৰো।