NORTHEAST NOW (Assamese)
Popular Stories

ৰে’ল আৰক্ষী বিষয়াৰ মানৱীয়তা, অসুখীয়া যাত্ৰীক কান্ধত তুলি দেখুৱালে মানৱতাৰ নিদৰ্শন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 7, 2023 5:34 pm

যাত্ৰীৰ সুৰক্ষা আৰু ৰেল সুৰক্ষাৰ ক্ষেত্ৰত আৰ পি এফ বা ৰেলৱে সুৰক্ষা বাহিনীয়ে তীব্ৰভাৱে কাম কৰি আহিছে। এই কথা আকৌ এবাৰ প্ৰমাণ কৰিলে আ পি এফৰ এগৰাকী বিষয়াই। 

নাবালক উদ্ধাৰ কৰা, দালাল গ্ৰেপ্তাৰ কৰা, ড্ৰাগছ উদ্ধাৰ কৰা, যাত্ৰীৰ হেৰুৱা বা চুৰি হোৱা বেগ আদি উদ্ধাৰৰ পৰা আৰম্ভ কৰি ৰে’ল ব্যৱহাৰকাৰীক সম্পূৰ্ণ নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত ৰে’ল সুৰক্ষা বাহিনীয়ে সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ উপৰিও তেওঁলোকে যাত্ৰীসকলক সহায় কৰাৰ ক্ষেত্ৰত প্ৰশংসনীয় সেৱা আগবঢ়াই আহিছে। 

এইবাৰ মুম্বাইৰ বৰেভেলী ষ্টেচনত দেখা গ’ল এনে এক মানৱীয় দৃশ্য। ষ্টেচনত নিজৰ ৰে’লখন ধৰিবলৈ খৰখেদা কৰি আছিল এগৰাকী মহিলা যাত্ৰীয়ে। কিন্তু তেওঁক প্ৰয়োজন আছিল এখন হুইল চেয়াৰৰ। কাৰণ এটা অস্ত্ৰোপচাৰ কৰি অহাৰ বাবে তেওঁৰ খোজ কঢ়াৰ শক্তি নাছিল। 

বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো তেওঁ এখন হুইল চেয়াৰ নাপালে। ফলত এই মহিলাগৰাকীৰ বাবে ৰে’ল ধৰাটো প্ৰায় কঠিন হৈ পৰে।  যাৰ বাবে নিজৰ গন্তব্য স্থান পোৱাৰ আশা এৰি দিছইল মহিলাগৰাকীয়ে।

তেনেতে মহিলাগৰাকীৰ এই অসুবিধাৰ কথা জানিব পাৰিলে ৰেলৱে সুৰক্ষা বাহিনীৰ এ এছ আই মান সিঙে। তেওঁ খৰধৰকৈ আহি হুইল চেয়াৰ এখন বিচাৰিবলৈ ধৰিলে। কিন্তু হুইল চেয়াৰ বিচাৰি নাপালে বিষয়াগৰাকীয়ে।

হুইল চেয়াৰ এখন নথকাৰ বাবে হঠাতে মান সিঙে মহিলাগৰাকীক কোলাত তুলি ল’লে আৰু উপনীত হ’ব লগা ৰে’ল ডবাটোত থৈ আহিল। কোনো লোকৰ কেমেৰাত বন্দী হৈ ৰ’ল এই সমগ্ৰ দৃশ্য। ইয়াৰ পিছতেই ভাইৰেল হৈ পৰে সমগ্ৰ দৃশ্য।

উল্লেখ্য যে, এই ঘটনাৰ বাবে নেটিজেন সকলে ৰে’ল সুৰক্ষা বাহিনীৰ বিষয়া গৰাকীক প্ৰশংসা কৰিছে যদিও প্ৰশ্ন উত্থাপন কৰিছে যে কিয় বৰভেলী ষ্টেশ্যনত এগৰাকী ৰোগীৰ বাবে এখন হুইল চেয়াৰ উপলব্ধ নহ’ল।

নেটিজেনসকলে বিষয়াগৰাকীৰ কৰ্তব্যবোধ আৰু দায়িত্ববোধক প্ৰশংসা কৰিছে যদিও হুইল চেয়াৰ উপলব্ধ নোহোৱাক লৈ অতি ক্ষুব্ধ হৈ পৰিছে।

লগতে পঢ়কঃ নতুন প্ৰজন্মৰ মাজত হেৰাইছে যৌন প্ৰৱণতা! সমীক্ষাত প্ৰকাশ চাঞ্চল্যকৰ দাবী