NORTHEAST NOW (Assamese)
অসম

Terror in Somalia: চোমালিয়াৰ ৰাজধানীৰ হোটেলত আল-শ্বাবাব উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ; নিহত কমেও ৮ জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 20, 2022 11:10 am

Terrorist group Al-Shabab seizes control of hotel আফ্ৰিকাৰ উগ্ৰপন্থী গোট আল-শ্বাবাবে চোমালিয়াৰ ৰাজধানী মোগাদিছুৰ কেন্দ্ৰৰ ওচৰৰ এখন হোটেলত ভয়ংকৰ আক্ৰমণ চলাইছে। তেওঁলোকে শুকুৰবাৰে নিশা ‘দ্য হায়াত’ নামৰ হোটেলখনৰ নিয়ন্ত্ৰণ লোৱা বুলি দাবী কৰিছে।

আৰক্ষীয়ে কয় যে হোটেলৰ বাহিৰত দুটা বিস্ফোৰণ ঘটাই কেইবাজনো আক্ৰমণকাৰীয়ে অট্টালিকাটোত প্ৰৱেশ কৰি গুলীচালনা কৰে। বাতৰি অনুসৰি এই ঘটনাত কমেও ৮ জন লোক নিহত হৈছে।

লগতে পঢ়ক: FIFA World Cup 2022: প্ৰায় তিনি মাহ বাকী থকা অৱস্থাতে এতিয়ালৈকে ২৪.৫ লাখ টিকট বিক্ৰী

এক বিবৃতিত আল-শ্বাবাব গোটে হোটেল চৌহদৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিয়া বুলি দাবী কৰিছে। তেওঁলোকে কয়, “তাত থকা সকলোকে গুলীয়াই হত্যা কৰা হৈছে”।

হোটেলখন দেশখনৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক লগ পোৱাৰ বাবে এটা জনপ্ৰিয় স্থান বুলি গণ্য কৰা হয়। নিৰাপত্তা বিষয়াসকলে কয় যে কেইবাজনো হতাহত হোৱাৰ খবৰ পোৱা গৈছে।

আৰক্ষী আৰু সেনা জোৱানসকলে উগ্ৰপন্থীসকলৰ সৈতে সংঘৰ্ষ অব্যাহত ৰাখে।  ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হোৱা (অপ্ৰমাণিত) ছবিবোৰত হোটেলৰ পৰা ধোঁৱা ওলাই থকা দেখা গৈছে।

লগতে পঢ়ক: জাপানৰ যুৱক-যুৱতীসকলে অধিক সুৰা পান কৰাটো বিচাৰে দেশ খনৰ চৰকাৰে! কিয়?

আল-কায়দাৰ সহযোগী আল-শ্বাবাবে দীৰ্ঘদিন ধৰি চোমালিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে বিবাদত লিপ্ত হৈ আছে। উগ্ৰপন্থী গোটটোৱে দক্ষিণ আৰু মধ্য চোমালিয়াৰ বেছিভাগ অংশ নিয়ন্ত্ৰণত ৰাখিছে।