NORTHEAST NOW (Assamese)
অসম

জন্মাষ্টমীত মথুৰাৰ মন্দিৰত আৰতিৰ সময়ত প্ৰচণ্ড ভিৰৰ মাজত শ্বাসৰুদ্ধ হৈ দুগৰাকী ভক্তৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 20, 2022 11:56 am

Two die of suffocation during Janmashtami মথুৰাৰ মন্দিৰত জন্মাষ্টমী পালন কৰিবলৈ যোৱা দুগৰাকী ভক্তই কৰুণভাৱে মৃত্যুক সাৱটি লয়। প্ৰচণ্ড ভিৰৰ কাৰণে শ্বাসৰুদ্ধ হোৱাৰ ফলত কমেও দুগৰাকী লোকে প্ৰাণ হেৰুৱায়। উত্তৰ প্ৰদেশ আৰক্ষীয়ে শনিবাৰে এইকথা জানিবলৈ দিয়ে।

সমগ্ৰ দেশতে শুকুৰবাৰে জন্মাষ্টমী পালন কৰা হয়। তাৰ মাজতে মথুৰাৰ মন্দিৰত এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা অনুসৰি মথুৰাৰ বাঙ্কেৰ বিহাৰী মন্দিৰত শুকুৰবাৰে মাজনিশালৈকে শ্ৰীকৃষ্ণৰ জন্মদিন ধুমধামেৰে উদযাপন কৰা হৈছিল। তাতেই ভক্তসকল সমবেত হৈছিল আৰু সেই ভিৰৰ মাজত দুগৰাকী ভক্ত শ্বাসৰুদ্ধ হৈ মৃত্যুবৰণ কৰে।

মথুৰাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, “জন্মাষ্টমী উপলক্ষে নিশা মন্দিৰত ভক্তৰ সংখ্যা হঠাতে বৃদ্ধি পাইছিল। দৰাচলতে আৰতি চাবলৈ মন্দিৰ চৌহদৰ আশে পাশে মানুহ গোট খাবলৈ আৰম্ভ কৰিছিল। আৰু তাতেই ভিৰ বাঢ়ি অহাত উশাহ-নিশাহৰ সমস্যাৰ বাবে এগৰাকী মহিলাকে ধৰি দুগৰাকী ভক্তই প্ৰাণ হেৰুৱায়। ছয়জন লোকগুৰুতৰভাৱে আহত হৈছে। তেওঁলোকক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।‘’

শ্ৰীকৃষ্ণৰ জন্মস্থান হিচাপে জন্মাষ্টমী আৰু হোলীত প্ৰতিবাৰেই মথুৰাত ভক্তৰ বিপুল সমাগম হয়। দেশৰ বিভিন্ন প্ৰান্তৰ পৰাই নহয়, বহুতো বিদেশী ভক্তও এই দিনটোত মন্দিৰলৈ আহি জন্মাষ্টমী উৎসৱত যোগদান কৰিছিল।

কিন্তু মাজনিশা মংগল আৰতিৰ সময়তে ডাঙৰ দুৰ্ঘটনা ঘটে। আৰতিৰ পিছত ভক্তসকলৰ মাজত বিশেষ প্ৰসাদ বিতৰণ কৰি থকাৰ সময়তে ভিৰৰ মাজত এগৰাকী লোক জ্ঞান হেৰুৱাই পৰি যায়। মুঠতে এই ঘটনাত দুগৰাকী লোকৰ মৃত্যু হয় আৰু আন ছয়গৰাকী আহত হয়।