NORTHEAST NOW (Assamese)
Popular Stories

গাত ঘহি ল’লে বাটৰ কচু! আৰক্ষীক গালি দিবলৈ ১২,০০০ বাৰ ফোন! গ্ৰেপ্তাৰ মহিলা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 20, 2022 12:41 pm

Florida woman was arrested for calling 911 আমেৰিকা যুক্তৰাষ্ট্ৰত ঘটিছে এটা আজৱ ঘটনা। দেশনৰ ফ্ল’ৰিডাৰ পাইনেলাছ কাউণ্টিৰ বাসিন্দা কাৰ্লা জেফাৰছন নামৰ মহিলাগৰাকীয়ে সংঘটিত কৰিছে এক আচহুৱা অপৰাধ।

জানিব পৰা মতে, কাৰ্লা জেফাৰচনে কেৱল গালি পাৰিবৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন নম্বৰত ফোন কৰিছিল। ফোনটো ধৰাৰ লগে লগে তেওঁ বিষয়াসকলক গালি-গালাজ কৰিছিল।

লগতে পঢ়ক: Terror in Somalia: চোমালিয়াৰ ৰাজধানীৰ হোটেলত আল-শ্বাবাব উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ; নিহত কমেও ৮ জন

তেওঁ বছৰত এইদৰে ২১,০০০ বাৰ গালি দিছিল। জৰুৰীকালীন নম্বৰৰ অপব্যৱহাৰৰ অভিযোগত মহিলাগৰাকীক স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

পাইনেলাছ কাউণ্টিৰ বাসিন্দা ৫১ বছৰীয়া কাৰ্লা জেফাৰছনে প্ৰায় প্ৰতিদিনে ৯১১ নম্বৰত ফোন কৰিছিল বুলি আৰক্ষীয়ে জনায়। বিষয়াসকলে ফোনটো ধৰাৰ লগে লগে, তেওঁ তেওঁলোকক অশ্ৰাব্য ভাষাত গালি-গালাজ কৰে। যোৱা আঠ মাহত কাৰ্লাই ১২,৫১২ বাৰ ফোন কৰি এইদৰে গালি-গালাজ দিছে।

ছেইণ্ট পিটাৰ্ছবাৰ্গ আৰক্ষীৰ মুখপাত্ৰ ইয়োলাণ্ডা ফাৰ্নাণ্ডেজে এইদৰে কয়,”এনে নহয় যে দুদিন ধৰি আৰক্ষীক ফোন কৰি দিছো। এই মহিলাগৰাকীয়ে সকলো সীমা অতিক্ৰম কৰিছে।”

লগতে পঢ়ক: FIFA World Cup 2022: প্ৰায় তিনি মাহ বাকী থকা অৱস্থাতে এতিয়ালৈকে ২৪.৫ লাখ টিকট বিক্ৰী

ফাৰ্ণাণ্ডেজে কয় যে মহিলাগৰাকীয়ে ২৪ ঘণ্টাত ৫১২ বাৰ ফোন কৰিছিল। প্ৰথমে বিষয়াসকলে তেওঁৰ সৈতে অতি বিনম্ৰতাৰে কথা পাতিছিল। কিন্তু লাহে লাহে তেওঁৰ অত্যাচাৰ সীমাৰ বাহিৰলৈ গৈছিল আৰু সেইকাৰণে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে।