NORTHEAST NOW (Assamese)
অসম

অগপ-বিজেপিৰ দুৰ্গ কলিয়াবৰত আম আদমী পাৰ্টিৰ সদস্য ভৰ্তি অভিযান

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ August 20, 2022 10:11 am

অগপ-বিজেপিৰ দুৰ্গ হিচাপে পৰিচিত কলিয়াবৰত এইবাৰ সংগোপনে চলিছে আম আদমি পাৰ্টিৰ সদস্য ভৰ্তি অভিযান। গাঁৱে-গাঁৱে ক্ষুদ্ৰ ক্ষুদ্ৰ সভা পাতি সদস্য ভৰ্তি অভিযান চলাইছে দলটোৱে।

আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰৰ বিভিন্ন স্থানত ইতিমধ্যে সদস্য ভৰ্তি অভিযান চলাই আছে দলটোৱে।

লগতে পঢ়ক: কমনৱেলথ গেমচত সোণৰ পদক লাভ কৰা নয়নমনি শইকীয়াক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিপুল সম্বৰ্ধনা

৩০ চেপ্তেম্বৰৰ ভিতৰত পঞ্চায়তে-পঞ্চায়তে আপৰ সমিতি গঠন কৰিবলৈ ইতিমধ্যে ব্যাপক কুচকাৱাচ চলাইছে দলটোৱে।

দলটোৰ কৰ্মী মোহিত কুমাৰ শইকীয়াৰ নেতৃত্বত কলিয়াবৰৰ বিভিন্ন স্থানত চলিছে আপৰ সদস্য ভৰ্তি অভিযান।

লগতে পঢ়ক: কে এল অ’ৰ সাধাৰণ সম্পাদক কৈলাশ কোচৰ আত্মসমৰ্পণক বংগ আৰক্ষীৰ নাটক আখ্যা সেনাধ্যক্ষ জীৱন সিংহৰ

শুকুৰবাৰে বিয়লি  কলিয়াবৰৰ বৰঘূলিতো অগপ, কংগ্ৰেছ, এ আই ইউ ডি এফ আদি দলৰ পৰা অৰ্ধশতাধিক লোকে আপত যোগদান কৰে।