NORTHEAST NOW (Assamese)
অসম

হোজাই জিলাৰ ডবকাত সংঘটিত পথ দুৰ্ঘটনাত দুজন নিহত, আহত ৬

Posted by: নিখিল মুন্দ্ৰা May 5, 2018 10:51 pm

আজি হোজাই জিলাৰ ডবকাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আন তিনি গৰাকী মহিলা আৰু তিনিজন পুৰুষসহ ৬ জন লোক আহত হৈছে ৷

প্ৰাপ্ত তথ্য মতে এন আৰ চিৰ বংশবংক্ষ পৰীক্ষণৰ বাবে যোৱা এন আৰ চিৰ কাৰ্যালয়ৰ পৰা ওভতাৰ পথতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

উল্লেখযোগ্য যে যাত্ৰীকেইজন এ এছ ০২ বি চি ৩৯২৮ নম্বৰৰ এখন টেম্প’ৰে আহি থকা অৱস্থাতে এখন তীব্ৰবেগী তেলৰ টেংকাৰে প্ৰচণ্ড জোৰত টেম্প’খনত খুন্দা মাৰে। ফলত যাত্ৰী কেইজনৰ মাজৰে দুজন লোকৰ থিতাতে নিহত হয় আৰু বাকী ৬ জন গুৰুতৰভাৱে আহত হয়।

নিহত লোক দুজন ক্ৰমে হুছেইন আহমেদ আৰু মকদ্দছ আলী বুলি জানিব পৰা গৈছে। ইফালে আহত কেইজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ডবকা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে আহত সকলৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰি টেংকাৰখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে।