NORTHEAST NOW (Assamese)
Popular Stories

নাম সলনি কৰি নতুন ৰূপত বিৰোধী ঐক্য। কি নাম হ’ব বিৰোধী ঐক্যৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 18, 2023 4:41 pm

পাটনা বৈঠকৰ পিছৰে পৰাই বিৰোধী ঐক্যৰ সম্পৰ্কে মোদী বিৰোধী জনসাধাৰণৰ চিন্তা-চৰ্চাৰ অন্ত নাই। আনহাতে বিৰোধী ঐক্যই ধুমুহাৰ সৃষ্টি কৰিছে শাসকীয় দল বিজেপিত।

ইয়াৰ পিছতে বেংগালুৰু বৈঠকৰ মাজতে বিজেপি বিৰোধী কেইবাটাও ৰাজনৈতিক দলৰ পৰা এটা নিৰ্দিষ্ট বাৰ্তা আহিছে। জানিব পৰা মতে, কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ মিত্ৰজোঁটৰ সলনি নতুন মঞ্চত সমবেত হ’বলৈ গৈ আছে বিৰোধী দল।

মঙলবাৰে বিৰোধী মিত্ৰজোঁটৰ নতুন নামৰ বিষয়েও জনালে বিৰোধী দলে।

সংবাদ সংস্থা পিটিআইয়ে জনাইছে যে নতুন বিৰোধী মিত্ৰজোঁটৰ নাম হ’ব – INDIA (Indian National Democratic Inclusive Alliance)।

তাৎপৰ্যপূৰ্ণভাৱে তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ব্ৰাইনে এটা টুইটযোগে সেই ইংগিতেই দিছিল। তেওঁ লিখিছিল, ‘চক দে ইণ্ডিয়া!’

পিটিআইৰ বাতৰি অনুসৰি এতিয়ালৈকে সিদ্ধান্ত চূড়ান্ত হোৱা নাই যদিও শেষত ‘INDIA’ নাম লৈ নতুন মিত্ৰজোঁট আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

সূত্ৰ অনুসৰি, লোকসভা নিৰ্বাচনৰ পূৰ্বে এক উমৈহতীয়া কাৰ্যসূচীৰে আগবাঢ়ি যাবলৈ বেংগালুৰুত বিজেপি বিৰোধী দলসমূহে বিশদ আলোচনাত মিলিত হৈছে। কিন্তু নাম সলনি হ’লেও আপাততঃ নতুন মিত্ৰজোঁটত অধ্যক্ষ বা আহ্বায়কৰ পদ নাথাকিব পাৰে বুলি একাংশ বাতৰিত প্ৰকাশ পাইছে।