NORTHEAST NOW (Assamese)
অসম

অন্ত পৰিল দুৰ্গোৎসৱৰ, বহলপুৰ চম্পাৱতী নৈত ভক্তই অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে দেৱীক

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ October 17, 2021 6:52 am
People throngs into the bijoya dashami festival at Bahalpur

ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ থানা এলেকাধিন বহলপুৰ (পাতালপুৰ) মহামায়া মন্দিৰৰ নিকট দুই ফালে পাহাৰৰ আকৰ্ষণীয় পৰিবেশৰ মাজেৰে চিৰ প্ৰবাহমান চম্পাৱতী নৈত বহলপুৰত পূজিত দুই দেৱীৰ বিসৰ্জন পৰ্ব অতি সুন্দৰ ভাৱে সমাপন কৰা হয়।

ডিঙাত দেৱীক উঠাই সাতপাক প্ৰদক্ষিণ কৰাই নৈৰ বুকুত বিসৰ্জন দিয়ে।

চাপৰ চক্ৰৰ চক্ৰ বিষযা শান্তনু গগৈৰ নেতৃত্বত আৰু চক্ৰ পৰিদৰ্শক প্ৰফুল্ল চন্দ্ৰ দাস তথা আৰক্ষী বিষয়া প্ৰণৱ দলে আদি প্ৰশাসনৰ লোক আৰু স্থানীয় পূজা কমিটিৰ লোকৰ নীৰিক্ষণ ও সহযোগত নীতি নিয়মৰ মাজেৰে উক্ত পবিত্ৰ পৰ্ব সমাপন হয়।

দেৱী বিসৰ্জনৰ এই পৰ্ব অগণন ভক্তপ্ৰাণ ৰাইজ চম্পা নৈৰ দুই পাৰৰ লগতে ওচৰতে থকা দলঙৰ ওপৰৰ পৰা প্ৰত্যক্ষ কৰি অশ্ৰুশিক্ত নয়নেৰে সেৱা প্ৰাৰ্থনা জনাই দেৱীক বিদাই দিয়ে।

বাহলপুৰৰ উপৰি চাপৰ চহৰৰ কেবাটাও পূজা কমিটিয়ে নিজ নিজ কমিটিৰ দেৱী দুৰ্গাৰ মূৰ্ত্তি এই বহলপুৰ স্থিত চম্পাৱতী নৈত বিসৰ্জন দিয়ে।

চাপৰৰ পৰা সুদূৰ ৬ কি: মি: পথ ৰাষ্ট্ৰীয় ঘাই পথেৰে আনন্দ কৰি নাচি-বাগি বহলপুৰ মহামায়া মন্দিৰ প্ৰাংগনত উপস্থিত হোৱাৰ পিছত এক এক কৰি পৰ্য্যায় ক্ৰমে দেৱী সমূহ বিসৰ্জন দিয়া হয়। এই বিসৰ্জন পৰ্ব নিশা প্ৰায় ৮ বজা লৈকে চলে।

উল্লেখযোগ্য যে এই বেলি চাপৰৰ মৰাপাট বজাৰত মৰাচম্পা নৈৰ সুতিত পানী অতি মাত্ৰা কম থকাৰ বাবে চাপৰ কেন্দ্ৰৰ দেৱী বিসৰ্জন দিয়া হোৱা নাই গতিকে ইয়াৰে কেবাটাও দেৱী বহলপুৰ স্থিত চম্পা নৈৰ বুকুত বিসৰ্জন দিয়া হয়।

অতিমাত্ৰা ৰদ আৰু মাত্ৰাধিক গৰমৰ বাবে অতিষ্ঠ হৈছে যদিও পূজা চাবলৈ অসংখ্য লোক তথা ভক্ত প্ৰাণ ৰাইজ উৎসাহিত ওলাই আহে।

জিলাপিৰ জুতি লোৱাৰ লগতে বিশেষ কৈ চাহ, ৰেষ্টোৰেণ্ট আদি ফাষ্ট ফুড দোকান সমূহত পুৰুষ মহিলাৰ ভিৰ অতিমাত্ৰা দেখা যায়।