NORTHEAST NOW (Assamese)
অসম

পুখুৰীত গা-ধুবলৈ গৈ ঘটিল অঘটন! শালকোচাত কিশোৰৰ সলিল সমাধি

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ October 17, 2021 6:26 am
Teenager dies while bathing in pond in Shalkosa

এটি সপোন দিঠকত পৰিণত হোৱাৰ পূৰ্বেই হেৰাই গ’ল! ভাৰতীয় সেনাত যোগদান কৰাৰ বাবে ১৭বছৰীয়া কিশোৰ জনে প্ৰতিদিনে কৰি আছিল কঠোৰ অনুশীলন।

কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, কালি সলিল সমাধি ঘটে কিশোৰজনৰ।

ষষ্ঠী পূজাৰ দিনা গোলোকগঞ্জৰ বিচনদৈৰ সত্যেন ৰায়ৰ পুত্ৰ ৰাহুল ৰায়ে চাপৰ থানাৰ অন্তৰ্গত শালকোচাৰ হাতীপোতাৰ ৰাভাপাৰাত থকা মোমায়েকৰ ঘৰত ফুৰিবলৈ আহিছিল।

মোমায়েকৰ ঘৰৰ পৰা কালি নিজ গৃহলৈ উভটাৰ কথা আছিল ৰাহুলৰ। কিন্তু নিয়তিৰ কৰাল গ্ৰাসত অকাল মৃত্যুক সাবটিলে কিশোৰজনে।

জানিব পৰা মতে শনিবাৰে দুপৰীয়া ৮/১০ জন লগৰীয়াৰ সৈতে মোমায়েকৰ ঘৰৰ সমীপতে থকা এটা পুখুৰীত গা-ধুবুলৈ গৈছিল ৰাহুল। কিন্তু দূৰ্ভাগ্যবশত: পুখুৰীত গা ধুই থাকোতে সলিল সমাধি ঘটে ৰাহুলৰ।

ইপিনে লগৰীয়া কেইজনেও ভয়ত বিহ্বল হৈ কথাটো গোপন কৰি ৰাখে। বহু সময় ধৰি ৰাহুল মোমায়েকৰ ঘৰলৈ উভতি নহাত স্থানীয় ৰাইজে সন্ধান কৰে যদিও বিফল হোৱাৰ পিছত আৰক্ষীক খবৰ দিয়াত শালকোচা আৰক্ষী আৰু এছ, ডি, আৰ, এফ বাহিনীৰ এটা দল উক্ত স্থানত উপস্থিত হৈ পুখুৰীটোত অভিযান চলাই শনিবাৰে বিয়লি কিশোৰজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে কান্দোনত ভাঙি পৰে পৰিয়াল লোক আৰু স্থানীয় ৰাইজ।কিশোৰজনৰ অকাল বিয়োগত সমগ্ৰ অঞ্চলটোত শোঁকৰ ছাঁ পৰিছে।