NORTHEAST NOW (Assamese)
অসম

আলফা (স্বাধীন)ৰ বোমা সংস্থাপনৰ ফোন সাংবাদিকলৈ, সোণাৰিত তীব্ৰ উত্তেজনা

Posted by: এন ই নাও নিউজ May 6, 2018 12:02 pm
bomb-570x320

চৰাইদেউ জিলাৰ সোণাৰিত দেওবাৰৰ ৰাতিপুৱাই ভয়ংকৰ কূটাঘাতৰ আশংকাত সন্ত্ৰস্ত্ৰ হৈ পৰিছে স্থানীয় ৰাইজ। সোণাৰিত সক্ৰিয় অৱস্থাত তিনিটাকৈ শক্তিশালী বোমা থকাৰ কথা প্ৰকাশ পোৱাৰ পিছত অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। অৱশ্যে আলফা (স্বাধীন)ই সংস্থাপিত কৰা বোমাকেইটা বিস্ফোৰিত নহ’ল।

স্থানীয় সাংবাদিকলৈ ফোন কৰি আলফা (স্বাধীন) এ সোণাৰিৰ পেহীপুখুৰী গাঁৱত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী খুঁটাত সক্ৰিয় অৱস্থা শক্তিশালী তিনিটা বোমা থকাৰ খবৰ দিছিল।

Paresh-Baruah-300x213
আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা

সাংবাদিকক আৰক্ষীক খবৰ দি বোমা কেইটা উদ্ধাৰ কৰি সাধাৰণ ৰাইজৰ প্ৰাণ ৰক্ষা কৰিবলৈ আহ্বান জনোৱাৰ লগতে পেহীপুখুৰী গাৱঁৰ সেই স্থানৰ পৰা গাঁওবাসীক আঁতৰি আহিবলৈকো আলফা (স্বাধীন)ৰ পৰা আহ্বান জনোৱা হৈছে।

ইয়াৰ মাজতে আৰক্ষীৰ এটা দল গৈ ঘটনাস্থলীত উপস্থিত হৈছে।

দুদিন আগতে বৰডুমচা থানাৰ সাহসী ভাৰপ্ৰাপ্ত বিষয়া গৰাকী উগ্ৰপন্থী সংগঠনটোৰ সদস্যৰ সৈতে হোৱা সংঘৰ্ষত নিহত হোৱাৰ পিছত আলফা (স্বাধীন) যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল যাৰ বাবে বিদ্ৰোহী সংগঠনটোৰ স্বয়ম্ভু মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই মৃত আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ পৰিয়াললৈ ক্ষমা বিচাৰি এটা বিবৃতি প্ৰকাশ কৰিবলৈ বাধ্য হৈছিল।