NORTHEAST NOW (Assamese)
অসম

নগাঁৱত ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ দুটাকৈ হাতী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 21, 2023 7:35 pm

নগাঁৱৰ কন্দলি অঞ্চলত শুকুৰবাৰে পুৱা ৰহস্যজনকভাৱে দুটা হাতী মৃত অৱস্থাত উদ্ধাৰ হয়। সূত্ৰই জনোৱা মতে, কুহিয়াৰতলিত হাতী কেইটা উদ্ধাৰ কৰা হৈছে।

হাতী দুটাৰ কোনো আঘাতৰ চিন নাছিল যদিও ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ হয়।মৃত হাতী দুটাৰ ভিতৰত এটি আছিল মধ্যবয়স্ক মাইকী হাতী।

বন বিভাগক এই সন্দৰ্ভত অৱগত কৰা হৈছে আৰু হাতীটোৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰা হৈছে।

উল্লেখযোগ্য যে বিগত দুবছৰত এই অঞ্চলত প্ৰায় ২৫টা হাতীৰ মৃত্যু হৈছে যাৰ প্ৰায় সকলোবোৰেই ৰহস্যজনক বুলি কোৱা হৈছে। ২০২১ চনত একেটা অঞ্চলতে কমেও ১৮টা হাতী মৃত অৱস্থাত উদ্ধাৰ হৈছিল।

ইয়াৰ সঠিক কাৰণ ততাতৈয়াকৈ জানিব পৰা হোৱা নাছিল যদিও বজ্ৰপাতৰ ফলত সিহঁতৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছিল বিষয়াসকলে।

ঘটনাটোৱে কেইবাটাও সন্দেহৰ দিশলৈ আঙুলিয়াই দিছিল যদিও কোনো সিদ্ধান্ত পোহৰলৈ অহা দেখা পোৱা নগ’ল।

শুকুৰবাৰে মৃত অৱস্থাত উদ্ধাৰ হোৱা হাতী দুটাৰ ঘটনাই একেধৰণৰ সন্দেহৰ সৃষ্টি কৰিছে।

এক সূত্ৰই জনোৱা মতে, যিহেতু মৃত্যুৰ আঁৰৰ কাৰণ হ’ব পৰা কোনো আঘাত বা চিন নাই, সেয়েহে ইয়াৰ সৈতে খাদ্য জড়িত বা আনকি বিষক্ৰিয়াও হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। এই সকলো তদন্ত চলি আছে।