NORTHEAST NOW (Assamese)
অসম

প্ৰসঙ্গ মণিপুৰ: মুখ্যমন্ত্ৰীৰ তুচ্ছবাচ্যক সমালোচনা অজিৎ কুমাৰ ভূঞাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 22, 2023 8:05 pm
Himanta Biswa Sarma on Manipur

অগ্নিগৰ্ভৰ মণিপুৰৰ নৃশংস নাৰী উৎপীড়ন কাণ্ডই হতভম্ব কৰি তুলিছে সমগ্ৰ দেশক। এই ঘটনাই লজ্জানত কৰিছে মানৱ সমাজক। এই চৰম ঘৃণনীয় কাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতো বিগত দুমাহ ধৰি সংঘৰ্ষ বিধ্বস্ত মণিপুৰ সন্দৰ্ভত নিমাত কেন্দ্ৰীয় চৰকাৰক দায়িত্ব সোঁৱৰাবলৈ বাধ্য হৈ পৰে উচ্চতম ন্যায়ালয়।

কিন্তু দেশজুৰি সৃষ্টি হোৱা চাঞ্চল্যৰ সময়তে মণিপুৰ কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল এক উদ্ভট মন্তব্য। মণিপুৰৰ নাৰী উৎপীড়ন কাণ্ডক সমগ্ৰ দেশে ধিক্কাৰ জনোৱাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ প্ৰতিক্ৰিয়া দিবলৈ গৈ কংগ্ৰেছ শাসিত ৰাজস্থান, ছত্তীশগড় আৰু তৃণমূল শাসিত পশ্চিম বংগতো ধৰ্ষণ হয় বুলি আজৱ মন্তব্য কৰে।

হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যই স্বাভাৱিকতেই হচকিত কৰি তোলে সচেতন ৰাইজক। মুখ্যমন্ত্ৰীৰ দৰে সাংবিধানিক পদত অধিষ্ঠিত হোৱাৰ পাছতো এনে বিতৰ্কিত মন্তব্যৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই।

এই সংবাদ মেল যোগে সাংসদ অজিত কুমাৰ ভূঞাই হিমন্ত বিশ্ব শৰ্মাই এনে আজৱ মন্তব্যৰে প্ৰতিগৰাকী গৰ্বিত অসমীয়াক লজ্জিত কৰে বুলি মন্তব্য কৰে। তেওঁ কয়, “আজি মই এজন লজ্জিত অসমীয়া ৰুপে গভীৰ দুখেৰে আপোনালোকক সম্বোধন কৰিছো।”

“মোৰ, আমাৰ মুখ্যমন্ত্ৰীয়ে ৰাজস্থান আৰু পশ্চিমবংগতো ধৰ্ষণ হয় বুলি কৈ মনিপুৰৰ ঘটনাক যিদৰে নায্যতা প্ৰদান কৰিব বিচাৰিলে ই প্ৰতিজন গৰ্বিত অসমীয়াক আজি লজ্জানত কৰিলে৷ ৰাজনীতিয়ে তেওঁক ইমান তললৈ লৈ যাব বুলি মই ভাবিবই পৰা নাছিলো।”- সাংসদ অজিত ভূঞাই কয়।

“নিজকে উত্তৰপূৰ্বাঞ্চলৰ চানক্য বুলি ভবা নেতাজনে আজি তিনিমাহে মনিপুৰত জলা জুই নুমুৱাব পৰা নাই আৰু আজি যেতিয়া এটা ভিডিঅ’ই ভাৰতৰ মানুহৰ সামূহিক বিবেকক জোকাৰী গৈছে সেই সময়ত মই মোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ পৰা এনে তুচ্চ কথা আশা কৰা নাচিলো” বুলিও অজিত কুমাৰ ভূঞাই লগতে মন্তব্য কৰে।

আনহাতে উত্তৰ-পূবৰ ৰাজনীতিত চাণক্য বুলি হিমন্ত বিশ্ব শৰ্মাক যি অভিধাৰে সততে চৰ্চিত হয়, এই অভিধাকো কটাক্ষ কৰি মুখ্যমন্ত্ৰী শৰ্মাৰ চাণক্যগিৰি বিধায়ক কিনাবেচা অথবা সন্ত্ৰাসবাদী সংগঠনৰ লগত নিৰ্বাচনত জিকাৰ বাবে বিধান কৰাতেই সীমাবদ্ধ নেকি বুলি প্ৰশ্ন কৰে সাংসদ ভূঞাই।