NORTHEAST NOW (Assamese)
অসম

কাৰাবন্দীৰ পৰা গৃহবন্দী হৈ উভতিল আং ছান ছু কী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 27, 2023 8:22 pm

ম্যানমাৰৰ ক্ষমতাচ্যুত নেত্ৰী আং ছান ছু কীক কাৰাগাৰৰ পৰা ঘৰলৈ পঠিওৱা হৈছে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সামৰিক অভ্যুত্থানৰ পিছত গ্ৰেপ্তাৰ হৈছিল আং ছান ছু কী। ৭৮ বছৰীয়া ছু কী-ক একাধিক গোচৰত ৩৩ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

কাৰাগাৰৰ সূত্ৰই জনোৱা মতে, সোমবাৰে কাৰাগাৰৰ পৰা ৰাজধানী নেইপিড’ৰ চৰকাৰী বাসগৃহলৈ স্থানান্তৰ কৰা হয় ছ্যু কী-ক।

লগতে পঢ়ক: আই এন এছ বিক্ৰান্তত যুৱ নৌসেনা জোৱানৰ মৃতদেহ উদ্ধাৰ! ৰহস্যময় মৃত্যুক লৈ চাঞ্চল্য

কাৰাগাৰৰ পৰা বদলি হোৱাৰ কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হোৱা নাই। অৱশ্যে গৃহবন্দী কৰাৰ বিষয়টো সামৰিক কৰ্তৃপক্ষৰ এক ইতিবাচক পদক্ষেপো হ’ব পাৰে।

ছ্যু কী-ক অসুস্থ বুলি বাতৰি প্ৰচাৰ হৈছিল। অৱশ্যে সেনাই এই কথা অস্বীকাৰ কৰিছে। চলিত সপ্তাহৰ আৰম্ভণিতে কাৰাগাৰৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ছু কী-ৰ স্বাস্থ্য ভালেই আছে।

লগতে পঢ়ক: মাজভাগতে শিক্ষা এৰিছে IIT, কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ২৫ হাজাৰ ৫৯৩ জন SC, ST, OBC ছাত্ৰ-ছাত্ৰীয়ে

থাইলেণ্ডৰ বৈদেশিক মন্ত্ৰীয়ে চলিত মাহত কাৰাগাৰত থকা ছু কী-ৰ ওচৰলৈ গৈছিল। অৱশ্যে তেওঁ আৰু কোনো সবিশেষ তথ্য প্ৰকাশ কৰা নাই।