NORTHEAST NOW (Assamese)
Popular Stories

দুই সুন্দৰীৰ যুঁজ! আদালতত জেকলিনৰ বিৰুদ্ধে নতুন অভিযোগ নোৰাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 1, 2023 12:36 pm

সুকেশ চন্দ্ৰশেখৰৰ উপৰিও বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ আৰু নোৰা ফাতেহী ২০০ কোটি টকাৰ আৰ্থিক প্ৰতাৰণাৰ গোচৰত জড়িত হৈ আছে।

ইয়াৰ পূৰ্বে সুকেশ আৰু জেকলিনে নোৰাৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ উত্তৰত নোৰাই ‘কিক’ ছবিখনৰ নায়িকাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে। সোমবাৰে এই গোচৰত নিজৰ বক্তব্য দিবলৈ দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টত হাজিৰ হয় নোৰা।

তেওঁ কয়, ‘’জেকলিন ফাৰ্নাণ্ডেজৰ উপৰিও মই কিছুমান সংবাদ মাধ্যমৰ বিৰুদ্ধেও গোচৰ তৰিছো। তেওঁলোকে মোক ‘সুযোগ সন্ধানী’ বুলি কৈছিল। লগতে দাবী কৰিছিল যে মই হেনো সুকেশৰ লগত সম্পৰ্কত আছিলো! তেওঁলোকৰ মিছা কথাই সাধাৰণ মানুহৰ সন্মুখত মোৰ সন্মানহানি কৰিছে।”

লগতে পঢ়ক: সাধাৰণ লোকৰ সামৰ্থ্যৰ বাহিৰত জুই-ছাই দাম; তাৰমাজতে ২১ লাখ টকাৰ বিলাহী লৈ নিখোঁজ ট্ৰাক

ইয়াৰ লগতে ‘দিলবাৰ’ৰ বিখ্যাত অভিনেত্ৰীগৰাকীয়ে কয় যে, “সুকেশৰ বিৰুদ্ধে ২০০ কোটি টকাৰ জালিয়াতিৰ অভিযোগৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই বুলি জনাবলৈকে মই গোচৰ তৰিছো।”

ইয়াতেই ৰৈ নাথাকিল নোৰা। তেওঁ আদালতত আৰু অভিযোগ কৰে, “মোৰ মতে এই গোচৰত কিছুমান বিশেষ মানুহক বচাবলৈ মোক বলিৰ পঠা সজোৱা হৈছিল! কাৰণ মই উদ্যোগটোৰ বাহিৰৰ পৰা আহিছো কাৰণেই বহুতে হয়তো মোক সহজ টাৰ্গেট বুলি গণ্য কৰে।”

লগতে পঢ়ক: নৰবলি! ৰোগ নিৰাময়ৰ নামত কিশোৰক বলি দিয়াৰ অভিযোগ; গ্ৰেপ্তাৰ মহিলা পুৰোহিতসহ ৪জন

নোৰাই কয় যে জেকলিনৰ মন্তব্যই উদ্যোগটোত আঠ বছৰে তেওঁ গঢ়ি তোলা তেওঁৰ স্থানটোত যথেষ্ট আঘাত হানিছে। এই সন্দৰ্ভত তেওঁ আদালতৰ পৰা ক্ষতিপূৰণ বিচাৰিছে। ছেপ্টেম্বৰ মাহত আদালতে এই গোচৰৰ আৰু এজন সাক্ষীৰ বক্তব্য লিপিবদ্ধ কৰিব।