• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৰবলি! ৰোগ নিৰাময়ৰ নামত কিশোৰক বলি দিয়াৰ অভিযোগ; গ্ৰেপ্তাৰ মহিলা পুৰোহিতসহ ৪জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2023 11:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী মাতৃয়ে ১৪ বছৰীয়া পুত্ৰৰ ৰোগ নিৰাময়ৰ বাবে আশ্ৰমৰ এগৰাকী মহিলা পুৰোহিতৰ কাষ চাপিছিল। তেওঁ কল্পনা কৰিব পৰা নাছিল যে সেই পুৰোহিতগৰাকীয়ে জৰাফুকা কৰি ৰোগ নিৰাময়ৰ নামত কিশোৰজনক নৰবলি দিব। ওড়িশাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। আংগুল থানাৰ আৰক্ষীয়ে নৰবলিৰ অভিযোগত মহিলা পুৰোহিতগৰাকী আৰু তেওঁৰ ৩ পুত্ৰক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃত কিশোৰজনৰ নাম সঞ্চিত বিছোৱাল। কিয়াকাটা থানাৰ তুছুৰ গাঁৱৰ ঋতঞ্জলি বাগ নামৰ এগৰাকী মহিলা পুৰোহিতৰ বিৰুদ্ধে আংগুলৰ সুবৰ্ণপুৰ গাঁৱৰ বাসিন্দা সঞ্চিতক হত্যাৰ অভিযোগ উত্থাপন হৈছে। ঋতঞ্জলি আৰু তেওঁৰ তিনি পুত্ৰ সৌম্যৰঞ্জন, দিব্যৰঞ্জন আৰু জ্যোতিৰ্ময়ক গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক: এক্সপ্ৰেছৱে নিৰ্মাণৰ ক্ৰেন ভাঙি সংঘটিত মৰ্মান্তিক দুৰ্ঘটনা; ১৬ জন শ্ৰমিকৰ মৃত্যু

Apply Now

সঞ্চিতৰ মাতৃ বাসন্তীদেৱীয়ে কয় যে বিগত কেইমাহমানৰ পৰা তেওঁৰ পুত্ৰই যন্ত্ৰণাত ভুগি আছিল। বহু চিকিৎসকৰ ওচৰলৈ যোৱাৰ পিছতো তেওঁ সুস্থ হৈ উঠা নাছিল। অৱশেষত ২২ জুলাইত পুত্ৰক লৈ তুছুৰ গাঁৱৰ ঋতঞ্জলি বাগৰ আশ্ৰমলৈ যায়।

স্থানীয় লোকৰ বিশ্বাস মহিলা পুৰোহিত হিচাপে পৰিচিত ঋতঞ্জলিয়ে সাধনা আৰু জৰাফুকা কৰি বহু গুৰুতৰ ৰোগ নিৰাময় কৰিব পাৰে। বাসন্তী দেৱীয়ে আৰক্ষীক জনোৱা মতে, ২২ জুলাইৰ নিশা ঋতঞ্জলিয়ে তেওঁক সুকীয়া কোঠাত শুবলৈ কৈছিল। পিছদিনা ৰাতিপুৱা সাৰ পাই পুত্ৰক লগ কৰিবলৈ মন যোৱাত তেওঁক  বিচাৰি নাপালে। আনকি ঋতঞ্জলিও আশ্ৰমৰ পৰা নোহোৱা হৈ যায়।

গোটেই দিনটো চৌদিশে বিচাৰি পুত্ৰক বিচাৰি নাপাই যোৱা ২৪ জুলাইত কিয়াৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। কিন্তু, অভিযোগ কৰা হৈছে যে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। তাৰ পাছত ২৮ জুলাইত গাঁৱৰ ৰাইজে আশ্ৰমৰ সমীপৰ বাৰুণী বনাঞ্চলত গছত ওলমি থকা সঞ্চিতৰ মৃতদেহ প্ৰত্যক্ষ কৰে। তেওঁৰ শৰীৰৰ তলৰ অংশটো কটা আছিল। জৰাফুকাৰ নামত ঋতঞ্জলিয়ে ল’ৰাটোক নৰবলি দিছিল বুলি অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক: ৰাহুল গান্ধীৰ প্ৰতি কোনো নমনীয়তা নেদেখুৱাব; উচ্চতম ন্যায়ালয়ত আৰ্জি বিজেপি বিধায়কৰ

এই ঘটনাত আৰক্ষীক গাফিলতিৰ অভিযোগ উত্থাপন কৰি গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। পথ অৱৰোধো কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে উত্তেজিত ৰাইজে আৰক্ষীৰ গাড়ীত অগ্নিসংযোগ কৰে। তাৰ পিছতে ততাতৈয়াকৈ এটা বৃহৎ আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে তেওঁৰ ৩ পুত্ৰসহ অভিযুক্ত মহিলা পুৰোহিতগৰাকীক গ্ৰেপ্তাৰ কৰে।

কিন্তু আৰক্ষীয়ে নৰবলিৰ অভিযোগ মানি ল’বলৈ অস্বীকাৰ কৰে। আংগুল জিলা আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, নৰবলি সন্দৰ্ভত কোনো প্ৰমাণ পোৱা নগ’ল। সাক্ষীৰ বক্তব্যৰ ভিত্তিত মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আংগুলৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক: সাধাৰণ লোকৰ সামৰ্থ্যৰ বাহিৰত জুই-ছাই দাম; তাৰমাজতে ২১ লাখ টকাৰ বিলাহী লৈ নিখোঁজ ট্ৰাক

ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে। কিশোৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা আৰু ফৰেনছিক তদন্তৰ বাবে প্ৰেৰণ কৰা হৈছে। মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিলেহে জানিব পৰা যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd