• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এক্সপ্ৰেছৱে নিৰ্মাণৰ ক্ৰেন ভাঙি সংঘটিত মৰ্মান্তিক দুৰ্ঘটনা; ১৬ জন শ্ৰমিকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2023 9:05 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক্সপ্ৰেছৱে নিৰ্মাণৰ সময়তে খহি পৰে ক্ৰেন। ইয়াৰ ফলত কমেও ১৬ জন শ্ৰমিকৰ মৃত্যু হয়। মঙলবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা। মহাৰাষ্ট্ৰৰ থানে জিলাত সমৃদ্ধি এক্সপ্ৰেছৱেৰ তৃতীয় পৰ্যায়ৰ নিৰ্মাণৰ সময়ত এটা গাৰ্ডাৰ মেচিন বাগৰি পৰে। ইয়াৰ ফলত কমেও ১৬ জন শ্ৰমিকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

বাতৰি অনুসৰি, দুৰ্ঘটনা সংঘটিত কৰা ক্ৰেনখন দলং নিৰ্মাণত ব্যৱহাৰ কৰা এক বিশেষ মেচিন। ইফালে, দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকলে সেই স্থানত উপস্থিত হৈছে। উদ্ধাৰ অভিযানৰ বাবে মতা হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীক।

জানিব পৰা মতে, থানে জিলাৰ ছাহাপুৰ তহচিলৰ এখন দলঙৰ ফলকত ক্ৰেনখন বাগৰি পৰে। ইয়াৰ তলত চেপা খাই পৰে প্ৰায় ২০ জন শ্ৰমিক। ইয়াৰে ১৬ জনৰ মৃত্যু হয়। সংকটজনক অৱস্থাত দুজন লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়।

Apply Now

ইপিনে, ক্ৰেনখন পৰি যোৱাৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী বা এনডিআৰএফৰ দুটা দলক সেই স্থানলৈ প্ৰেৰণ কৰা হয়। লগে লগে উদ্ধাৰ কাম আৰম্ভ কৰে।

এন ডি আৰ এফে জনোৱা মতে, ভাঙি পৰা গাঁথনিটোৰ ভিতৰত এতিয়াও কমেও পাঁচজন লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। এনডিআৰএফৰ লগতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়েও উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰে।

উল্লেখ্য যে নিৰ্মাণকাৰ্যৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হোৱা ঘাইপথটোৰ সম্পূৰ্ণ নাম ‘হিন্দু হৃদয়সম্ৰাট বালাচাহেব থাকৰে মহাৰাষ্ট্ৰ সমৃদ্ধি মহামাৰ্গ’। মুম্বাই আৰু নাগপুৰ সংযোগী এই এক্সপ্ৰেছৱে ৭০১ কিলোমিটাৰ দৈৰ্ঘ্যৰ। এই এক্সপ্ৰেছৱে নাগপুৰ, ৱাছিম, ৱৰ্ধা, আহমেদনগৰ, বুলধনা, ঔৰংগাবাদ, আমৰাৱতী, জালনা, নাচিক আৰু থানেকে ধৰি ১০খন জিলাৰ ওপৰেৰে পাৰ হৈ যায়। এই সমৃদ্ধি মহামাৰ্গ নিৰ্মাণৰ কাম মহাৰাষ্ট্ৰ ৰাজ্যিক পথ উন্নয়ন নিগমৰ উদ্যোগত।

এই এক্সপ্ৰেছৱেৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে। এতিয়া সেই ৰাস্তাৰে নাগপুৰৰ পৰা শিৰডী যাব পাৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ডিচেম্বৰ মাহত এই অংশটো উদ্বোধন কৰিছিল। ইয়াৰ পূৰ্বে যোৱা মে’ মাহত মুখ্যমন্ত্ৰী একনাথ ছিণ্ডে কৈছিল যে চলিত বৰ্ষৰ ডিচেম্বৰৰ শেষৰ ফালে এক্সপ্ৰেছৱেৰ তৃতীয় আৰু অন্তিম পৰ্যায়ৰ কাম সম্পূৰ্ণ হ’ব। বৰ্তমান থানেত তৃতীয় পৰ্যায়ৰ কাম চলি আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd