NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

মৰ্মান্তিক! লিফ্টৰ ভিতৰতে তিনিদিন আবদ্ধ হৈ মৃত্যু মহিলাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 1, 2023 5:09 pm
Woman Dies After Being Trapped In Elevator

এক শোকাৱহ মৃত্যুক সাবটিবলগীয়া হৈছে উজবেকিস্তানৰ তাছকেণ্টৰ এগৰাকী মহিলাই। নাম অলগা লিঅ’ন্টিয়েভা। এক অট্টালিকাৰ লিফ্টত ভুলৱশত: তিনিদিন আবদ্ধ হৈ পৰা লিঅ’ণ্টিয়েভাৰ নিঠৰ দেহ উদ্ধাৰ হৈছে শেহতীয়াকৈ।

প্ৰকাশিত খবৰ অনুসৰি, লিফ্টৰ ভিতৰত তিনিদিন ধৰি আবদ্ধ হৈ থকাৰ পিছতো তেওঁক উদ্ধাৰৰ বাবে উপস্থিত হোৱা নাছিল কোনো। ন মহলীয়া অট্টালিকাটোৰ ওপৰৰ মহলাৰ পৰা সহায় বিচাৰি কাতৰ চিঞৰো মাৰিছিল মহিলাগৰাকীয়ে।

কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁৰ এই সহায়ৰ আহ্বান কোনো লোকৰে কাণত পৰা নাছিল। যোৱা ২৪ জুলাইতে কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি নহাৰ পিছত লিঅ’ণ্টিয়েভাৰ পৰিয়ালে তেওঁ নিৰুদ্দেশ বুলি ঘোষণা কৰিছিল।

পৰিয়ালে তেওঁৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰাৰ পিছতো ব্যৰ্থ হয় আৰু ধাৰাবাহিক অনুসন্ধানৰ অন্তত তিনিদিন পিছত লিফ্টত ৩২ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

মৃত্যুৰ সময়ত লিঅ’ণ্টিয়েভাই তেওঁৰ ছবছৰীয়া কন্যা সন্তানক এৰি থৈ যায়। কন্যা শিশুটি বৰ্তমান আত্মীয়ৰ তত্বাৱধানত আছে বুলি জানিব পৰা গৈছে। ইফালে এই শোকাৱহ ঘটনা সন্দৰ্ভত কাৰ্যালয়ৰ পৰা তদন্ত আৰম্ভ কৰা হৈছে।

ঘটনা সংঘটিত হোৱা নিৰ্দিষ্ট লিফ্টটো চীনত নিৰ্মিত বুলি জানিব পৰা গৈছে। ঘটনাৰ দিনটোত কোনো ধৰণৰ বিদ্যুৎ কৰ্তন হোৱা নাছিল বুলি কৰ্তৃপক্ষই নিশ্চিত কৰিছে। লিফ্টৰ বিজুতিৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা গৈছে।