বিদ্যালয় প্ৰাংগনত মাৰণাস্ত্ৰ প্ৰশিক্ষণ: বজৰং দলৰ বিৰুদ্ধে এজাহাৰ দাখিল জাতীয় যুৱ বাহিনীৰ

গত দেওবাৰে দৰং জিলাৰ মঙলদৈৰ মহৰ্ষি বিদ্যামন্দিৰৰ খেলপথাৰত ৰাষ্ট্ৰীয় বজৰং দলৰ দ্বাৰা শতাধিক যুৱকক বন্দুক-পিষ্টল আদি মাৰণাস্ত্ৰৰে গুলি ফুটুৱাৰ প্ৰশিক্ষণ দিয়া কাৰ্যই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বজৰং দলৰ এই কাৰ্যৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে জাতীয় যুৱ বাহিনী।
এনে ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপে ৰাষ্ট্ৰীয় নিৰাপত্তা, ৰাষ্ট্ৰৰ অখণ্ডতা, সৰ্বভৌমত্বৰ লগতে অসমৰ আইন-শৃংখলাৰ উপৰিও জনগণৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে বুলি অভিযোগ কৰিছে ৰাইজৰ দলৰ ভাতৃ সংগঠনটোৱে।
মাৰণাস্ত্ৰ প্ৰশিক্ষণৰ লগতে বজৰং দলৰ নেতাই ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি অৱনতি কৰা সাম্প্ৰদায়িক মন্তব্যৰে যুৱক সকলক উচটনি দিয়াৰো অভিযোগ তুলিছে জাতীয় যুৱ বাহিনীয়ে আৰু এই সন্দৰ্ভত সংগঠনটোৱে যোৰহাট, লখিমপুৰকে ধৰি কেইবাখনো জিলাত এজাহাৰ দাখিল কৰিছে।
জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক নিৰ্মল পায়েঙে লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰি কয়, “যথেষ্ট সংখ্যক বন্দুক বাৰুদ ভিডিঅ’ত প্রত্যক্ষ কৰা হৈছে, যি বিলাক আগ্নেয়াস্ত্ৰ ‘অস্ত্ৰ আইন, ১৯৫৯’ ৰ ধাৰা ৫ আৰু ৭ ৰ অধীনত মজুত ৰখা বা ব্যৱহাৰ কৰাটো নিষিদ্ধ আৰু ধাৰা ২৭ ৰ অধীনত দণ্ডনীয় অপৰাধ।”
বজৰং দলে এইদৰে আগ্নেয়াস্ত্ৰ মজুত ৰখাৰ লগতে অস্ত্ৰচালনাৰ প্রশিক্ষণ দি যুৱক সকলক সাম্প্ৰদায়িক বক্তব্য ৰাখি উচতনি দিয়া সমগ্ৰ কাৰ্য বেআইনী কাৰ্যকলাপ প্রতিৰোধ আইন, ১৯৫৮’ৰ অধীনত বেআইনী কাৰ্য বুলি দাবী কৰে পায়েঙে।
এইদৰে বে-আইনী ভাৱে অস্ত্ৰ যোগান, মজুত, ব্যৱহাৰৰ যুৱ প্রজন্মক উচটনি দিয়া বজৰং দলৰ এই সন্ত্ৰাসবাদী কাৰ্যকলাপে ৰাষ্ট্ৰীয় নিৰাপত্তা, ৰাষ্ট্ৰৰ অখণ্ডতা, সৰ্বভৌমত্বৰ লগতে অসমৰ আইন-শৃংখলাৰ উপৰিও জনগণৰ জীৱনৰ প্রতি ভাবুকি সৃষ্টি কৰিছে বুলি তেওঁ লগতে দাবী কৰে।
ৰাষ্ট্ৰৰ নিৰাপত্তাৰ স্বাৰ্থত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বজৰং দলৰ নেতা সকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীৰে আৰু উল্লেখিত মঙলদৈৰ ঘটনাৰ লগত জড়িত সকলৰ ওপৰত ভাৰতীয় দণ্ড বিধিৰ ধাৰা ১৫৩এ/১৫৩এএ/২৯৫এ/৫০৫ ৰ উপৰিও অস্ত্ৰ আইনৰ ধাৰা ২৫, ২৭ আৰু UAPA আইনৰ ধাৰা ১৩ আৰু ৬১ ৰ অধীনত গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাৰ তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই সংগঠনটোৱে।