সাম্প্ৰদায়িকতাৰ জুইত জ্বলিছে হাৰিয়ানা: দোকান-ৰেষ্টুৰেণ্টত অগ্নিসংযোগ দুৰ্বৃত্তৰ

মণিপুৰৰ পিছত এইবাৰ হিংসাজৰ্জৰ হৈ উঠিছে হাৰিয়ানা। সাম্প্ৰদায়িক সংঘৰ্ষৰ ভয়াৱহতাই উত্তাল কৰি তুলিছে ৰাজ্যখন। কালি ৰাজ্যখনৰ নুহত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ ঢৌ এতিয়া ৪০ কিলোমিটাৰ দূৰৰ বাদশ্বাহপুৰলৈ বিয়পি পৰিছে।
আজি সন্ধিয়া ধৰ্মীয় ধ্বনিৰে মুখৰিত হৈ থকা একাংশ লোকে অঞ্চলটোৰ কেইবাখনো ৰেষ্টুৰেণ্ট আৰু দোকান ভাঙি অগ্নিসংযোগ কৰে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে, বিয়লি প্ৰায় ৪ বজাত প্ৰায় ২০০ জনীয়া এটা দলে লাঠি আৰু শিল লৈ অঞ্চলটোত প্ৰৱেশ কৰে।
উন্মত্ত দলটোৱে কেইবাখনো মাংসৰ দোকানসহ বহু দোকান তথা ৰেষ্টুৰেণ্ট ভাঙি পিছমুহূৰ্ততে জুই লগাই দিয়ে। অৱশ্যে এই হিংসাত্মক কাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। শেহতীয়া এই হিংসাত্মক কাৰ্যকলাপে হাৰিয়ানাৰ পৰিস্থিতি অধিক উদ্বেগজনক কৰি তুলিছে।
উল্লেখ্য যে, কালি দিল্লীৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত্বত থকা নুহত এক ধৰ্মীয় শোভাযাত্ৰাৰ সময়তে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। শোভাযাত্ৰাটোক দুৰ্বৃত্তই শিলগুটিৰে আক্ৰমণ কৰাৰ লগে লগে ২৫০০ৰো অধিক লোক আশ্ৰয় ল’বলৈ এটা মন্দিৰত সোমাই পৰে।
কিন্তু পৰিস্থিতি ক্ৰমাৎ অধিক তীব্ৰতৰ হৈ পৰে আৰু মাজনিশা দুৰ্বৃত্তই গুৰুগ্ৰামত এটা মছজিদত অগ্নিসংযোগ কৰে। নুহ আৰু চুবুৰীয়া গুৰুগ্ৰামত এনে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতে একাংশ উত্তেজিত লোকে এশৰো অধিক বাহন জ্বলাই দিয়ে।
এই হিংসাত্মক কাণ্ডত পাঁচগৰাকী লোক নিহত হোৱাৰ লগতে প্ৰায় ৭০ গৰাকী লোক আহত হয়। সাম্প্ৰদায়িক সংঘৰ্ষত নিহত হয় দুগৰাকী নিৰাপত্তাৰক্ষী, এগৰাকী মছজিদৰ মৌলবী আৰু দুজন সাধাৰণ নাগৰিক।
প্ৰশাসনৰ তথ্য অনুসৰি, ঘটনা সন্দৰ্ভত এই পৰ্যন্ত ৪৪ খন এফআইআৰ পঞ্জীয়ন কৰা হৈছে আৰু ৭০ জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ পৰিপ্ৰেক্ষিতত গুৰুগ্ৰামত আজি সকলো শিক্ষানুষ্ঠান বন্ধ থকাৰ লগতে দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাও পিছুৱাই দিয়া হয়।