NORTHEAST NOW (Assamese)
জীৱনশৈলী

অৰ্থনৈতিক সংকটে জন্মাইছে ব্যাঘাত! পথ প্ৰদৰ্শকৰ ৰূপত আছে চাণক্য নীতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 3, 2023 7:01 am

ভাৰতীয় সমাজ-জীৱনত সদায়েই অনুকৰণীয় হৈ আহিছে আচাৰ্য চাণক্য। ব্যক্তিৰ জীৱনৰ সৈতে সংপৃক্ত হৈ থকা প্ৰতিটো আনুসংগিক দিশৰ ওপৰতে আচাৰ্য চাণক্যই দিকদৰ্শন কৰি গৈছে ভাৰতীয় সমাজক। চাণক্যই দেখুওৱা এই পথেৰে আগবাঢ়ি গ’লেই জীৱনৰ দুখ-কষ্টসমূহক সহজেই জয় কৰি প্ৰতিগৰাকী ব্যক্তি সাফল্যৰ দিশত অগ্ৰসৰ হয়।

চাণক্যৰ মতে যিজন ব্যক্তিয়ে প্ৰকৃত মনোনিৱেশ আৰু নিষ্ঠাৰে জীৱনৰ ক্ষেত্ৰখনত কাম কৰে, তেওঁ সদায় মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে। কিন্তু কঠোৰ পৰিশ্ৰম অবিহনে জীৱনত চূড়ান্ত সফলতা লাভ কৰাটো কেতিয়াও সম্ভৱ নহয়, টকা উপাৰ্জনৰ ক্ষেত্ৰতো একেই কথা। চাণক্যই কয়, কষ্ট অবিহনে সফলতা নাহে

যদি আপুনি জীৱনত দ্ৰুতগতিত সফলতা লাভ কৰিব বিচাৰে তেন্তে আপুনি বহুত ভাল পৰিকল্পনা কৰি আগবাঢ়িব লাগিব। যিকোনো কাম আৰম্ভ কৰাৰ আগতে এটা বিশদ পৰিকল্পনা কৰক। পৰিকল্পনা কৰিলে আপোনাৰ কাম শেষ কৰাত সহায়ক হব আৰু কামত সফল হলে আৰ্থিক সফলতা নিশ্চয় পাব।

সফল হবলৈ হলে জীৱনত অনুশাসন থাকিব লাগিব। যিসকলৰ জীৱনৰ কোনো ক্ষেত্ৰতে অনুশাসন নাই, তেওঁলোকে কেতিয়াও আকাংক্ষিত সফলতাৰ ওচৰ চাপিব নোৱাৰে। দেখা যায় যে অনুশাসন অনুসৰণ কৰাসকলে অতি সোনকালে আৰু সহজে নিজৰ লক্ষ্যত উপনীত হব পাৰে। মা লক্ষ্মীয়ে তেওঁলোকৰ প্ৰতি সদয় দৃষ্টিৰে চায়।

চাণক্যই অনুভৱ কৰিছিল যে উপাৰ্জিত ধনৰ এক বৃহৎ অংশ দুখীয়া মানুহক দান কৰিব লাগে। যিসকলে নিজৰ উপাৰ্জিত ধনৰ এটা অংশ দৰিদ্ৰ লোকক দান কৰে তেওঁলোকক মা লক্ষ্মীয়ে বিশেষ আশীৰ্বাদ প্ৰদান কৰে। কিন্তু উপাৰ্জিত ধনৰ অপব্যৱহাৰ কৰা মানুহৰ ওপৰত লক্ষ্মীৰ খং উঠে।