NORTHEAST NOW (Assamese)
অসম

২৪ ঘন্টাৰ ভিতৰতেই ৩ জোৱানৰ মৃত্যুৰ প্ৰতিশোধ; জম্মু-কাশ্মীৰত এনকাউণ্টাৰত নিহত সন্ত্ৰাসবাদী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 6, 2023 9:05 am

শুকুৰবাৰে উগ্ৰপন্থীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন সেনা জোৱানে প্ৰাণ হেৰুৱাইছিল। এইবাৰ তাৰ প্ৰতিশোধ ল’লে নিৰাপত্তা বাহিনীয়ে। শনিবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত নিৰাপত্তা বাহিনীয়ে এনকাউণ্টাৰত এজন সন্ত্ৰাসবাদীক গুলীয়াই নিহত কৰে। খবৰ অনুসৰি ৰাজৌৰীৰ গুণ্ডা-খাৱাছ গাঁৱত এই এনকাউণ্টাৰ অভিযান চলে।

সেনা সূত্ৰই জনোৱা মতে, শনিবাৰৰ পৰা জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ বুধল অঞ্চলৰ গুন্ধা-খাৱাছ গাঁৱত এই এনকাউণ্টাৰ আৰম্ভ হয়। গোপন সূত্ৰৰ পৰা একাংশ সন্ত্ৰাসবাদীয়ে অঞ্চলটোত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল। তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে।

লগতে পঢ়ক: ‘হিন্দীৰ দাসত্ব মানি নলওঁ’, চৰকাৰী ভাষা প্ৰসংগত অমিত শ্বাহক প্ৰত্যুত্তৰ ষ্টেলিনৰ

বাতৰি অনুসৰি, এই এনকাউণ্টাৰত এতিয়ালৈকে এজন উগ্ৰপন্থী নিহত হৈছে। এই এনকাউণ্টাৰ এতিয়াও অব্যাহত আছে। ঘটনাস্থলীত আৰক্ষীও উপস্থিত হৈছে।

ইয়াৰ পূৰ্বে শুকুৰবাৰে জম্মু-কাশ্মীৰৰ কুলগাম জিলাতো সন্ত্ৰাসবাদীৰ সৈতে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ হয়। কুলগামৰ হালান বনাঞ্চলত নিৰাপত্তাৰক্ষীয়ে অভিযান চলাইছিল। সেই সময়ত সন্ত্ৰাসবাদীয়ে পিছফালৰ পৰা আক্ৰমণ কৰিছিল।

লগতে পঢ়ক: চাণক্য নীতি: ভুলতেও এনে স্বভাৱৰ মানুহক নিদিব উপদেশ; শত্ৰু হৈ পৰিব আপোনাৰ

সেই সংঘৰ্ষত ৩ সেনা জোৱান গুৰুতৰভাৱে আহত হয়। পিছত চিকিৎসাৰ সময়ত তিনিওজনৰে চিকিৎসালয়ত মৃত্যু হয়।