NORTHEAST NOW (Assamese)
দেশ

মণিপুৰত ভাৰত মাতাক হত্যা কৰিছে বিজেপিয়ে! সংসদলৈ ঘূৰিয়েই আক্ৰমণাত্মক ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 9, 2023 5:17 pm
Rahul Gandhi

লোকসভাৰ সাংসদ পদ ঘূৰাই পোৱাৰ পিছত সংসদত নিজৰ প্ৰথমটো ভাষণতে শাসকীয় বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ সময়ত নিজ ভাষণত গান্ধীয়ে বিজেপিক তীব্ৰ সমালোচনা কৰে।

মণিপুৰৰ অগ্নিগৰ্ভৰ পৰিস্থিতিৰ প্ৰসঙ্গ উত্থাপনেৰে ৰাহুল গান্ধীয়ে বিজেপিয়ে ‘মণিপুৰত ভাৰত মাতাক হত্যা’ কৰি এতিয়া হাৰিয়ানাত জুই লগাবলৈ চেষ্টা চলাইছে বুলি তীৰ্যক মন্তব্য কৰে। গান্ধীয়ে কয়, “ভাৰত এক কণ্ঠ, হৃদয়ৰ কণ্ঠ। আপোনালোকে সেই কণ্ঠক মণিপুৰত হত্যা কৰিছে। আপোনাকে মণিপুৰত ভাৰত মাতাক হত্যা কৰিছে।”

বিজেপিক বিশ্বাসঘাতক আখ্যা দি গান্ধীয়ে লগতে কয়, “মোৰ মা ইয়াত বহি আছে। আনগৰাকী মা ‘ভাৰত মাতা’ক আপোনালোকে মণিপুৰত হত্যা কৰিলা। সেইবাবেই প্ৰধানমন্ত্ৰী মণিপুৰলৈ নাযায়। আপোনালোক ভাৰত মাতাৰ ৰক্ষক নহয়, ভাৰত মাতাৰ হত্যাকাৰী।”

গান্ধীয়ে লগতে প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰক ভাৰতৰ অংশ বুলি গণ্য নকৰে বাবে মণিপুৰলৈ যোৱা নাই বুলি আক্ৰমণ কৰে। বিজেপিয়ে মণিপুৰক বিভক্ত কৰিছে বুলিও অভিযোগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। শেহতীয়াকৈ গুৰুগ্ৰাম আৰু নুহত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ কথা উল্লেখ কৰি তেওঁ বিজেপিয়ে সকলোতে জুই লগাইছে বুলি দাবী কৰে।

গান্ধীৰ মতে, বিজেপিয়ে সকলোতে কেৰাচিন ছটিয়াইছে, মণিপুৰত জুই লগাইছে, হাৰিয়ানাতো এতিয়া এনে কৰাৰে চেষ্টা কৰি আছে। ইফালে গান্ধীৰ এই মন্তব্যই সদনত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰে। এই মন্তব্যৰ বাবে শাসকীয় বিজেপিৰ সাংসদসকলে ৰাহুল গান্ধীক ক্ষমা বিচাৰিবলৈ দাবী জনায়।