NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ; উত্তৰ প্ৰদেশৰ দুগৰাকী ব্যক্তি আটক

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী January 30, 2021 9:58 am

শুকুৰবাৰে কোকৰাঝাৰ আৰক্ষীৰ এটা দলে ৰামপুৰত এখন ট্ৰাকত লুকাই অনা অৱস্থাত ১৩ টা চোৰাং গৰু উদ্ধাৰ কৰে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই চোৰাং গৰু ভৰ্তি য়ু পি-১২ টি-৩৭৯৫ নম্বৰৰ ট্ৰাকখন চিমুলতাপু আৰক্ষী নীৰিক্ষণ চকীত আটক কৰে।

আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ সময়ত ট্ৰাকখনৰ আধা অংশ খালী হৈ আছিল আৰু আধা অংশ প্লাষ্টিকেৰে ঢাকি ৰখা অৱস্থাত আছিল।

আৰক্ষীৰ দলটোৱে ট্ৰাকখনৰ ভিতৰত প্ৰৱেশ কৰি প্লাষ্টিকৰ বেৰখন আতৰাই দিয়াত ট্ৰাকৰ ভিতৰত থকা গৰু সমূহ উদ্ধাৰ হয়।

এই ঘটনাৰ সৈতে আৰক্ষীৰ দলটোৱে দুগৰাকী ব্যক্তিক ট্ৰাকখনৰ পৰা আটক কৰে। আটক হোৱা ব্যক্তি দুগৰাকীয়ে প্ৰয়োজনীয় তথ্য দাঙি ধৰাত বিফল হয়।

আটক হোৱা ব্যক্তি দুগৰাকী ৫০ বছৰীয়া মহম্মদ দিছাদ আৰু ৪০ বছৰীয়া মহম্মদ চাদাকট আলী বুলি চিনাক্ত কৰা হয়।

দুয়োগৰাকী ব্যক্তি উত্তৰপ্ৰদেশৰ মুজাফৰনগৰ আৰু মিৰাটৰ বাসিন্দা।

বৰ্তমান ঘটনাৰ সৈতে জড়িত ব্যক্তি দুজনক সোধ-পোছ কৰি আৰক্ষীয়ে প্ৰয়োজনীয় তদন্ত আৰম্ভ কৰিছে।