NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ৰাজনৈতিক অচলাৱস্থাৰ অৱসান: পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী আনোৱাৰ উল হক ককৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 12, 2023 9:24 pm
Pakistan PM

চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে আজি লাভ কৰিছে এগৰাকী নতুন প্ৰধানমন্ত্ৰী। শ্বেহবাজ শ্বৰীফৰ পদত্যাগৰ পিছত খালী হৈ থকা দেশখনৰ প্ৰধানমন্ত্ৰী আসনৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত হৈছে চিনেটৰ আনোৱাৰ উল হক ককৰ।

বিদায়ী প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে আজি ৰাষ্ট্ৰীয় বিধানসভাৰ বিৰোধী দলৰ নেতা ৰাজা ৰিয়াজৰ সৈতে দুটা পৰ্যায়ৰ আলোচনাৰ অন্তত আনোৱাৰ উল হক ককৰক দেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে।

পাকিস্তানৰ ৰাষ্ট্ৰপতি ড০ আৰিফ আলভিয়েও ককৰক পাকিস্তানৰ তদাৰকী প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বাবে সন্মতি প্ৰদান কৰে। এক টুইট যোগে পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে ককৰৰ অনুমোদনৰ বিষয়ে সদৰী কৰে।

ইফালে বিৰোধী নেতা ৰাজা ৰিয়াজে কয় যে দেশৰ তদাৰকী প্ৰধানমন্ত্ৰী সৰু প্ৰদেশৰ কোনো ব্যক্তি আৰু বিতৰ্কত জড়িত নোহোৱা কোনো ব্যক্তি হ’ব লাগে বুলি ইতিপূৰ্বে সিদ্ধান্ত লোৱা হৈছিল।

সৰু সৰু প্ৰদেশসমূহে যাতে বঞ্চনাৰ সন্মুখীন হোৱা বুলি কৰি অহা অনুভৱৰ অৱসান ঘটে তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছিল বুলি উল্লেখ কৰি ৰিয়াজে লগতে অৱশেষত ককৰক তদাৰকী প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰত ঐক্যমতত উপনীত হয় বুলি মন্তব্য কৰে।

অহা ১৩ আগষ্টত পাকিস্তানৰ তদাৰকী প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব চিনেটৰ আনোৱাৰ উল হক ককৰে। উল্লেখ্য যে, পাকিস্তানৰ গৃহযুদ্ধ জৰ্জৰিত অন্যতম প্ৰদেশ বেলুচিস্তানক প্ৰতিনিধিত্ব কৰে আনোৱাৰ উল হক ককৰে।

২০১৮ চনৰ মাৰ্চ মাহত সদনলৈ নিৰ্বাচিত হোৱা ককৰৰ কাৰ্যকাল ২০২৪ চনৰ মাৰ্চত সমাপ্ত হ’ব। পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে আনোৱাৰ উল হকে কেইবাখনো গুৰুত্বপূৰ্ণ সমিতিৰ সদস্য হিচাপে তথা কিছু গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত আছিল।