NORTHEAST NOW (Assamese)
অসম

হাস্পাতালৰ নাইট ডিউটিত হত্যা কৰিছিল ৭টা নৱজাতকক; আদালতত দোষী সাব্যস্ত নাৰ্ছ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 19, 2023 11:36 am

এগৰাকী ব্ৰিটিছ নাৰ্ছৰ বিৰুদ্ধে ৭টা নৱজাতকক হত্যা কৰাৰ অভিযোগ উঠিছিল। শুকুৰবাৰে আদালতে তেওঁক দোষী সাব্যস্ত কৰে। নাৰ্ছগৰাকীয়ে এটা টোকাত নিজেই লিখিছে, “মই চয়তান।”

নাৰ্ছগৰাকীয়ে উত্তৰ-পূব ইংলেণ্ডৰ এখন চিকিৎসালয়ৰ নৱজাতক ইউনিটত কাম কৰিছিল। তেওঁ আৰু ছয়টা শিশুক হত্যা কৰাৰ চেষ্টা কৰিছিল।

লগতে পঢ়ক: যৌন সম্পৰ্কৰ বাবে সন্মতিৰ নূন্যতম বয়স কিমান হোৱা উচিত? উচ্চতম ন্যায়ালয়ে বিচাৰিলে কেন্দ্ৰৰ মতামত

লাকী লেটবি নামৰ নাৰ্ছগৰাকীৰ বয়স ৩৩ বছৰ। হত্যাৰ বলি হোৱা নৱজাতককেইটাৰ ভিতৰত পাঁচটা পুত্ৰ শিশু আৰু এগৰাকী কন্যা শিশুক হত্যা কৰাৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি, ২০১৫-২০১৬ চনৰ ভিতৰত তেওঁ নৈশ শ্বিফটত কাম কৰি এই হত্যাকাণ্ড সংঘটিত কৰিছিল।

দহ মাহৰ বিচাৰৰ অন্তত মানচেষ্টাৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰে। জনা গৈছে যে ইনচুলিন বা বায়ু প্ৰয়োগৰ বাহিৰেও বলপূৰ্বকভাৱে গাখীৰ খুৱাই দিয়াৰ দৰে বিভিন্ন ধৰণে লাকীয়ে সেই শিশুসকলক হত্যা কৰিছিল।

লগতে পঢ়ক: যাৰ প্ৰেমত চুম্বকৰ দৰে আকৰ্ষিত হয় নাৰী! ৯২ বছৰ বয়সত পুনৰ প্ৰেমত পৰিল ৰূপাৰ্ট মাৰ্ডক!

তেওঁ নিজেই এটা টোকাত লিখিছে, ‘মই সিহঁতক মাৰি পেলাওঁ কাৰণ মই সিহঁতৰ যত্ন ল’ব পৰাকৈ ভাল কোনো নহয়।’ ‘মই এগৰাকী ভয়ংকৰ চয়তান।’ ‘মই চয়তান, মই এইটো কৰিছো।’