NORTHEAST NOW (Assamese)
দেশ

শাৰীৰিক সম্পৰ্ক নকৰাৰ বাবেই প্ৰেমিকাক স্ক্ৰু ড্ৰাইভাৰেৰে আক্ৰমণ প্ৰেমিকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 20, 2023 5:33 pm

শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে নিজৰ প্ৰেমিকাক স্ক্ৰু ড্ৰাইভাৰেৰে আক্ৰমণ কৰিলে এজন ব্যক্তিয়ে। জানিব পৰা মতে এই কাৰ্য সংঘটিত কৰা ব্যক্তিজনৰ ঘৰ উত্তৰ প্ৰদেশত আৰু তেখেতৰ নাম শিৱম কুমাৰ।

অভিযোগ অনুসৰি অভিযুক্ত আৰু ভুক্তভোগী দুয়োৰে মাজত পৰকীয়া প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰেমৰ সূত্ৰে লিভ-ইন-ৰিলেশ্বনত আছিল দুয়ো। 

গুৰুগ্ৰামৰ হাৰিয়ানাত সংঘটিত হোৱা এই ঘটনাৰ পিছতে শুকুৰবাৰে ৰাজীৱ চ’ক এলেকাৰ পৰা অভিযুক্ত শিৱম কুমাৰক গ্ৰেপ্তাৰ কৰি সদৰ থানাত এজাহাৰ ৰুজু কৰা হয়।

খবৰ অনুসৰি ভুক্তভোগী প্ৰেমিকাগৰাকীৰ বয়স ২৮ বছৰ। তেওঁ যোৱা বৃহস্পতিবাৰে অভিযোগ কৰি কয় যে শিৱমে তেওঁক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰাইছিল আৰু তেওঁ শাৰীৰিক সম্পৰ্ক কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে শিৱমে  তেওঁৰ ডিঙিত স্ক্ৰু ড্ৰাইভাৰেৰে আঘাত কৰে।

এজাহাৰত লিখিছে মহিলাগৰাকীয়ে লিখিছে  যে তেওঁ নিজৰ স্বামীৰ আঁতৰি গুৰুগ্ৰামৰ ভাড়াঘৰ এটাত বাস কৰিছিল. সেই ভাড়াঘৰটোতেই তেওঁ শিৱম কুমাৰক লগ পাইছিল আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠাৰ পিছত তেওঁলোকে লিভ-ইন-ৰিলেচনত থাকিবলৈ আৰম্ভ কৰে।

লগতে, মহিলাগৰাকীয়ে এজাহাৰত লিখিছে, “আমি আমাৰ লিভ-ইন-ৰিলেচন আৰম্ভ কৰাৰ কিছুদিন পিছতে শিৱমে মোক বিয়া কৰোঁৱাৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। কিন্তু ইয়াৰ পিছত জানিব পাৰোঁ যে শিৱম বিবাহিত। বৃহস্পতিবাৰে সন্ধিয়া তেওঁ আহি মোক পুনৰ তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ জোৰ কৰিছিল। আৰু মই শাৰীৰিক সম্পৰ্ক নাকচ কৰাৰ বাবে তেওঁ খং কৰি মোৰ ডিঙিত স্ক্ৰু ড্ৰাইভাৰেৰে আঘাত কৰি পলাই যায়। ইয়াৰ পিছত ওচৰ চুবুৰীয়াই খবৰটো লাভ কৰি মোক চিকিৎসালয়লৈ লৈ যায় ” 

ইতিমধ্যে এই ঘটনাৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।