চিকিৎসা বিজ্ঞানৰ বাবে নিজৰ দেহ দান দি চিৰনিদ্ৰাত শুই পৰিল বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰ ৰয়, ইলোৰা বিজ্ঞান মঞ্চৰ শোক-শ্ৰদ্ধাঞ্জলি

বিশিষ্ট চিত্ৰশিল্পী, গণনাট্য আন্দোলনৰ অগ্ৰণী সংগঠক, ইলোৰা বিজ্ঞান মঞ্চৰ অন্যতম প্ৰতিষ্ঠাপক কিৰণ শংকৰ ৰয়ে ৭৪ বছৰ বয়সত আজি ২০ আগষ্টৰ পুৱতি নিশা গুৱাহাটী-শিলপুখুৰীৰ বাসভৱনত দেহাৱসান হয়।
প্ৰগতিশীল আৰু মানৱতাবাদী শিল্পীগৰাকী চিপিআই(এম) দলৰো এগৰাকী নিষ্ঠাৱান সদস্য আছিল। অসম চৰকাৰৰ শিল্পী পেঞ্চনপ্ৰাপ্ত যশস্বী শিল্পীগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী মীনা পাল, তিনি ভাতৃ ক্ৰমে গৌৰীশংকৰ ৰয়, ইলোৰা বিজ্ঞান মঞ্চৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক কমিটিৰ সদস্য সত্যজিৎ ৰয় আৰু জ্যেষ্ঠ ফটো সাংবাদিক চিন্ময় ৰয় সহ আত্মীয়-স্বজনৰ লগতে বহু গুণমুগ্ধক এৰি যায়।
ৰাজ্যত অন্ধবিশ্বাসৰ বিপৰীতে বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰৰ বাবে নিৰলসভাৱে যুঁজ কৰা কিৰণ শংকৰে প্ৰায় এবছৰ কাল জটিল কৰ্কট ৰোগত ভুগি আছিল। ইলোৰা বিজ্ঞান মঞ্চই কিৰণ শংকৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু বিজ্ঞানমনস্ক, মানৱদৰদী শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰিছে। মঞ্চই তেখেতৰ শোকবিহ্বল পৰিয়াল, আত্মীয়-স্বজন আৰু গুণমুগ্ধসকলৰ প্রতি জ্ঞাপন কৰিছে সমবেদনা।
কিৰণ শংকৰৰ বিয়োগত চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটি, ভাৰতীয় গণনাট্য সংঘ, গুৱাহাটী আৰ্টিষ্ট গীল্ড, এছএফআই, ডিৱাইএফআই, চিআইটিইউ, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, অসম ৰাজ্যিক কৃষক সভা আদি বিভিন্ন সংগঠন-অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছে।
কিৰণ শংকৰৰ জন্ম হয় নগাঁও চহৰৰ চালনা-চিমনা বস্তিত, ১৯৪৯ চনত। নগাঁৱৰ বেংগলী বয়জ হাইস্কুলত শিক্ষা গ্ৰহণ কৰাৰ পাছত নগাঁও কলেজত অধ্যয়ন কৰি থকা অৱস্থাতে পিতৃ বিয়োগ হোৱাত পৰিয়ালটো গভীৰ আৰ্থিক সংকটৰ সন্মুখীন হয়। পৰিয়ালৰ ডাঙৰ পুত্ৰ হিচাবে কিৰণ শংকৰে পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰিব লগীয়া হোৱাত চিত্ৰশিল্পকে পেছা হিচাবে গ্ৰহণ কৰে। নগাঁৱৰ প্রথিতযশা চিত্ৰশিল্পী সুধীৰ সেন আৰু প্ৰণব বৰুৱাৰ তত্বাৱধানত শিল্পকলাৰ প্ৰশিক্ষণ লোৱাৰ পাছত তেওঁ কল্লোলৰ অধ্যক্ষ হিচাপেও দায়িত্ব গ্ৰহণ কৰে। ২০২২চনত কিৰণ শংকৰে প্ৰণৱ বৰুৱা বঁটা লাভ কৰে আৰু গুৱাহাটী আৰ্টিষ্ট গীল্ডত এই বঁটা প্ৰদান কৰা হয়। ২০১৩ চনত বৰপেটা সাহিত্য সভাই তেওঁক সম্বৰ্ধনা জনায়। কিৰণ শংকৰে দীৰ্ঘদিন ইলোৰা বিজ্ঞান মঞ্চৰ ৰাজ্যিক সমিতিৰ উপ-সভাপতিৰ পদতো কাৰ্যনিৰ্বাহ কৰে। চলচ্চিত্ৰৰ ওপৰতো তেওঁৰ ব্যুৎপত্তি আছিল আৰু আৰু তেওঁ এগৰাকী চলচ্চিত্ৰ সমালোচকো আছিল। উল্লেখ্য যে কিৰণ শংকৰৰ মাতৃ প্ৰয়াত শোভাৰাণী ৰয় আছিল এগৰাকী বিশিষ্ট স্বাধীনতা সংগ্ৰামী।
কিৰণ শংকৰৰ শেষ ইচ্ছা অনুযায়ী আজি মৃত্যুৰ পাছতে দুজন দৃষ্টিহীনক দৃষ্টি দানৰ উদ্দেশ্যে তেওঁৰ চকুৰ কৰ্ণিয়া শ্ৰীশংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসকে সংগ্ৰহ কৰে। আনহাতে মানৱকল্যাণ তথা চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে দুপৰীয়া গুৱাহাটী মেডিকেল কলেজত মৰণোত্তৰ দেহদান কাৰ্যসূচী সম্পন্ন কৰা হয়।
দেহদানৰ পূৰ্বে কিৰণ শংকৰৰ মৰদেহ চিপিআই(এম)ৰ ৰাজ্যিক কাৰ্যালয়লৈ আনি ৰাজহুৱা শ্ৰদ্ধা জনোৱা হয়। প্ৰথমে পাৰ্টিৰ জ্যেষ্ঠ নেতা হেমেন দাসে মৰদেহত ৰক্ত পতাকা আৰু পুষ্পমাল্য অৰ্পণ কৰি শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিৱেদন কৰে। বহু সংখ্যক পাৰ্টিৰ নেতা-কৰ্মী, সভ্য-সমৰ্থকৰ উপৰি অনুষ্ঠানটোত কিৰণ শংকৰৰ গুণমুগ্ধসকলৰ ভিৰ হয়। অনুষ্ঠানত চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন, কেন্দ্ৰীয় কমিটিৰ সদস্য ইছফাকুৰ ৰহমান, ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য ক্ৰমে অজিত দাস, তপন শৰ্মা, নিৰংকুশ নাথ আৰু সংগীতা দাস, পাৰ্টিৰ ৰাজ্যিক কমিটিৰ নেতা শতঞ্জীৱ দাস, বীৰেন শৰ্মা, নিয়তি বৰ্মন, মৈত্ৰেয়ী মিশ্ৰ আদি নেতৃবৃন্দ উপস্থিত থাকি শ্ৰদ্ধা জ্ঞাপন কৰে। তদুপৰি এই অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰাক্তন সভাপতি ড° চন্দ্ৰমোহন শৰ্মা, বৰ্তমান সভাপতি ড° কালী প্ৰসাদ শৰ্মা, সাধাৰণ সম্পাদক কমলেশ গুপ্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, এআইপিএছএনৰ ৰাজ্যিক সম্পাদক নজিবুদ্দিন আহমেদ, বিশিষ্ট সাংবাদিক সুশান্ত তালুকদাৰ, গণনাট্য সংঘৰ নৰেন পাটগিৰি আৰু দেবাসিশ চক্ৰৱৰ্তী, কবি বিপুলজ্যোতি শইকীয়া, চলচ্চিত্ৰ পৰিচালক মৃদুল গুপ্ত আৰু ৰাজু এহছান মজিদ, নাট্যশিল্পী মণিমালা দাস, অৰ্চনা ভট্টাচাৰ্য্য, মঞ্চসজ্জা শিল্পী উমাকান্ত সোণোৱাল, অভিনেতা মিণ্টো বৰুৱা, ৰাজ্যিক কৃষক সভাৰ মছদ্দৰ হুছেইন, অধিবক্তা আব্দুৰ ৰহমান শিকদাৰ আৰু কিশোৰ কুমাৰ কলিতা, গণশিল্পী ঘন ডেকা আৰু হুমায়ুন চৌধুৰী, লেখিকা ৰত্না ভৰালী তালুকদাৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপৰি এছএফআই, ডিৱাইএফআই, চিআইটিইউ, জেচিটিইউ, নিঃ ভাঃ গণতান্ত্ৰিক মহিলা সমিতিকে ধৰি বহু সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈ কিৰণ শংকৰৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰে। ইয়াৰ পাছতে কিৰণ শংকৰৰ মৃতদেহ গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ কাৰ্যালয়লৈ নি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।