NORTHEAST NOW (Assamese)
দেশ

গোটেই নিশা চলিল এনকাউণ্টাৰ অভিযান, পুলৱামাত সেনাৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 21, 2023 10:30 am

গোটেই নিশা চলা অভিযানৰ অন্তত অৱশেষত সফলতা লাভ কৰিলে ভাৰতীয় সেনাই। জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তা বাহিনীৰ হাতত নিহত হ’ল দুজন সন্ত্ৰাসবাদী। 

দেওবাৰে গোটেই নিশা পলুৱামাত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হৈছিল তীব্ৰ গুলীয়াগুলী।

সোমবাৰে পুৱা সেনাৰ সূত্ৰই জনোৱা মতে, এই এনকাউণ্টাৰত দুজন উগ্ৰপন্থী নিহত হৈছে। নিহত উগ্ৰপন্থী দুজনৰ ভিতৰত এজন ‘লস্কৰ-ই-তৈবা’ৰ শীৰ্ষ স্থানীয় সেনাধ্যক্ষ বুলি অনুমান কৰা হৈছে। তেওঁলোকৰ নাম এতিয়াও জানিব পৰা হোৱা নাই।

দেওবাৰে কাশ্মীৰ মণ্ডল আৰক্ষীয়ে কৰা টুইট অনুসৰি পুলৱামা জিলাৰ লাৰো-পৰিগাম অঞ্চলত এই অভিযান চলোৱা হৈছিল বুলি জানিব পৰা গৈছে।

গোপন সূত্ৰ অনুসৰি পুলৱামাৰ পাৰিগাম গাঁৱত আত্মগোপন কৰি আছে একাংশ উগ্ৰপন্থী। নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে তেওঁলোকক ধৰিবলৈ অভিযান আৰম্ভ কৰে। প্ৰথমে উগ্ৰপন্থীসকলক আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছিল যদিও তেওঁলোকে সেনাৰ আহ্বান নামানি নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে। তাৰ পিছতেই সেনাৰ ইয়াৰ উচিত প্ৰতুত্তৰ দিয়ে।

উল্লেখ্য যে, দুসপ্তাহ পূৰ্বে ৫ আগষ্টত জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত সেনাবাহিনীৰ ৰাষ্ট্ৰীয় ৰাইফলছ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথভাৱে সন্ত্ৰাসবাদ বিৰোধী অভিযান চলাইছিল। সেই অভিযানত এজন উগ্ৰপন্থী নিহত হৈছিল। ইয়াৰ পূৰ্বেও জম্মু-কাশ্মীৰৰ কুলগামত সেনা-উগ্ৰপন্থী সংঘৰ্ষ সংঘটিত হৈছিল। সেই অভিযানত উগ্ৰপন্থীৰ গুলীচালনাত তিনিজন সেনা জোৱান গুৰুতৰভাৱে আহত হয়। পিছত তিনিওজনৰে চিকিৎসাৰ সময়ত মৃত্যু হয়।