NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ ফ্ল’ৰিডাত বৰ্ণবাদী বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিলে ৩ জন কৃষ্ণাংগক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 27, 2023 12:26 pm

আমেৰিকাৰ ফ্ল’ৰিডা প্ৰদেশত বৰ্ণবাদী বন্দুকধাৰীৰ গুলীচালনাত নিহত হৈছে তিনিজন লোক। তিনিওজন নিহত লোকেই কৃষ্ণাংগ। তিনিওজনক হত্যা কৰাৰ পিছত শ্বেতাংগ আক্ৰমণকাৰীৰো মৃত্যু ঘটিছে।

বাতৰি অনুসৰি, আক্ৰমণকাৰীয়ে আত্মহঘাতী হোৱাৰ সন্দেহ কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে আমেৰিকাৰ আটাইতকৈ দক্ষিণ-পূবৰ ৰাজ্য জেকচনভিল চহৰৰ এখন ষ্ট’ৰত।

ফ্ল’ৰিডাৰ জেকচনভিলত এজন বৰ্ণবাদী বন্দুকধাৰীয়ে উদ্দেশ্যপ্ৰণোদিতভাৱে আক্ৰমণ চলাই তিনিজন কৃষ্ণাংগ লোকক হত্যা কৰাৰ পিছত নিজকে গুলীয়াই হত্যা কৰে বুলি চহৰখনৰ শ্বেৰিফে জনাইছে।

লগতে পঢ়ক: পুত্রবধুক শয্যাসংগী কৰাৰ প্ৰস্তাৱ; স্বামীৰ মুখত এনে জঘণ্য কথা শুনি ডিঙি কাটিলে পত্নীয়ে

বাতৰি মতে, আক্ৰমণকাৰীক শ্বেতাংগ বুলি বৰ্ণনা কৰা হৈছে আৰু তেওঁৰ বয়স ২০ বছৰৰ অধিক হ’ব। আক্ৰমণৰ পূৰ্বে তেওঁ ফ্ল’ৰিডাৰ জেকচনভিলৰ এটা ডলাৰ জেনেৰেল ষ্ট’ৰত প্ৰৱেশ কৰি গুলীচালনা কৰে। যাৰ ফলত আৰক্ষীৰ সৈতে তেওঁৰ সংঘৰ্ষ আৰম্ভ হয়।

জেকচনভিলৰ শ্বেৰিফ টি কে ৱাটাৰ্ছে জনোৱা মতে, বন্দুকধাৰীজনে দুজন পুৰুষ আৰু এগৰাকী মহিলাক গুলীয়াই হত্যা কৰে। গুলীচালনাৰ সময়ত আক্ৰমণকাৰীজনে শৰীৰত বৰ্ম পৰিধান কৰিছিল।

তদুপৰি, এই আক্ৰমণকাৰীৰ নাম এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই। শ্বেৰিফে কয় যে আক্ৰমণৰ সময়ত বন্দুকধাৰীজনৰ হাতত এটা লঘু ওজনৰ ছেমি অটোমেটিক ৰাইফল আৰু এটা হেণ্ডগান আছিল। তেওঁ অকলে এই আক্ৰমণ সংঘটিত কৰাৰ লগতে পিছত আত্মঘাতী হোৱা বুলি সন্দেহ কৰা হৈছে।

লগতে পঢ়ক: আদালত চৌহদতে গুলীচালনা; আহত বিচাৰাধীন ২ জন কাৰাবন্দী

শ্বেৰিফ ৱাটাৰ্ছে লগতে কয় যে অভিযুক্ত আক্ৰমণকাৰীজন জেকচনভিলৰ ক্লে কাউন্টিত পিতৃ-মাতৃৰ সৈতে বাস কৰিছিল। এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আমেৰিকাৰ চোৰাংচোৱা সংস্থা ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনে।