NORTHEAST NOW (Assamese)
Popular Stories

বাস্তু শাস্ত্ৰ : বানপানী অহাৰ দৰে আহিব টকা, ঘৰত ৰাখক এইকেইটা সামগ্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 27, 2023 9:42 pm

আমি ঘৰ এখন ধুনীয়া কৰি ৰাখিবলৈ ঘৰত বিভিন্ন সামগ্ৰী ৰাখো। ঘৰ সজোৱা সামগ্ৰীসমূহে কেৱল ঘৰখনকে সুন্দৰ নকৰে, আপোনাৰ ভাগ্যও সলাব পাৰে । বাস্তু শাস্ত্ৰ মতে, ঘৰত সজাই থোৱা পুতলা বা মূৰ্তিয়ে ঘৰৰ সদস্যসকলৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনিব পাৰে। ঘৰত উচিতভাবে সজোৱা সামগ্ৰী ৰাখিলে ই টকা পইচাৰ লগে কঢ়িয়াই আনিব পাৰে সুখ আৰু সমৃদ্ধি। কি কি সামগ্ৰীৰে ঘৰখন সজাব জানোঁ আহক –

কাছ

বাস্তুৰ মতে, ঘৰত কাছ থাকিলে সম্পদ বৃদ্ধি হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, কাছ ভগৱান বিষ্ণুৰ ৰূপ। সেয়েহে কোৱা হয় যে য’ত কাছ থাকে, তাত মা লক্ষ্মীয়ে বাস কৰে। সম্পদ বৃদ্ধিৰ বাবে ঘৰৰ ড্ৰয়িং ৰুমত পূৱ আৰু উত্তৰ দিশত কাছ ৰাখিব লাগে। কিন্তু মনত ৰাখিব যে কাছটোৰ মুখখন যাতে ঘৰৰ ভিতৰফালে মূৰ হৈ থাকে।

হাঁহ

বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি, ঘৰত হাঁহৰ মূৰ্তি থাকিলে ই ঘৰটোৰ আৰ্থিক অৱস্থা উন্নত কৰে। যদি বিবাহিত দম্পতীৰ সম্পৰ্কত কিছু ব্যাঘাত জন্মে, তেন্তে তেওঁলোকে শোৱনি কোঠাত যোৰাকৈ থকা হাঁহৰ প্ৰতিমূৰ্তি ৰাখিব পাৰে। ই সম্পৰ্কত সুখ আৰু শান্তি বৃদ্ধি কৰে।

হাতী

বাস্তু শাস্ত্ৰৰ মতে হাতী সমৃদ্ধিৰ প্ৰতীক। ধৰ্মীয় বিশ্বাস অনুসৰি ঘৰত হাতীৰ মূৰ্তি ৰখাটোও অতি শুভ। ঘৰত হাতীৰ পিতল বা ৰূপৰ মূৰ্তি ৰাখিলে সমৃদ্ধি আহে । শোৱনি কোঠাত ৰূপালী হাতীৰ মূৰ্তি ৰাখিলে ৰাহুৰ সৈতে সম্পৰ্কিত সকলো ত্ৰুটিৰ পৰা পৰিত্ৰাণ পাব পাৰি । ঘৰত ৰূপৰ  হাতী ৰাখিলে ঘৰলৈ ধন-সম্পত্তি আহে।

গৰু

সনাতন ধৰ্মত গৰুক মাতৃ হিচাপে গণ্য কৰা হয়। বাস্তু শাস্ত্ৰৰ বিশ্বাস অনুসৰি, ঘৰত পিতলৰ গৰু থকাটো  অতি শুভ। যদি কোনো সন্তানহীন দম্পতীয়ে সন্তান লাভ কৰিবলৈ বিচাৰে, তেন্তে তেওঁলোকে ঘৰত পিতলৰ গৰুৰ মূৰ্তি ৰাখিব লাগে। এনে মূৰ্তিয়ে সন্তান সুখ প্ৰাপ্তি কৰায় বুলি বিশ্বাস কৰা হয়। আনহাতে,  ছাত্ৰ-ছাত্ৰী সকলে মনোযোগ বৃদ্ধি কৰিবলৈ কোঠাত গৰুৰ মূৰ্তি  ৰাখিব পাৰে।

উট

বাস্তু আৰু ফেং চুইৰ নিয়ম অনুসৰি, ঘৰত উটৰ মূৰ্তি ৰাখিলে সুখ, সৌভাগ্য আৰু সমৃদ্ধি আহে। ইয়াক উত্তৰ-পশ্চিম দিশত ঘৰৰ ড্ৰয়িং ৰুমত ৰাখিব লাগে।ই চাকৰি আৰু ব্যৱসায়ৰ সৈতে সম্পৰ্কিত সকলো সমস্যাও সমাধান কৰে।