NORTHEAST NOW (Assamese)
মণিপুৰ

শ্ৰেণীত উপস্থিত নথকাৰ শাস্তিৰ পৰা ৰেহাই পোৱাৰ বাবে আজৱ কাণ্ড: মণিপুৰী ছাত্ৰীয়ে ৰচিলে অপহৰণৰ নাটক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 28, 2023 7:55 pm
Manipur

হিংসাজৰ্জৰ মণিপুৰত হঠাতে পুনৰ আন এক আতংক। ২০ গৰাকী ছাত্ৰীৰ অপহৰণৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ৰাজ্যখনত। এই খবৰৰ পিছতে সষ্টম হৈ পৰে আৰক্ষী আৰু আৰম্ভ কৰে তদন্ত। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে এই অপহৰণ কাণ্ডৰ আঁৰৰ চাঞ্চল্যকৰ কাৰণ।

আৰক্ষীয়ে উল্লেখ কৰা মতে, প্ৰথমে অচিনাক্ত দুষ্কৃতিকাৰীয়ে ছাত্ৰীগৰাকীক অপহৰণ কৰা বুলি প্ৰকাশ পাইছিল যদিও তদন্তত এই কাণ্ড ভুৱা বুলি পোহৰলৈ আহে। এই ১৭ গৰাকী ছাত্ৰীক প্ৰকৃততে অপহৰণ কৰা হোৱা নাছিল বুলি আৰক্ষীয়ে সদৰী কৰিছে।

মণিপুৰ আৰক্ষীয়ে দাবী কৰা মতে, স্কুলীয়া ছাত্ৰীকেইগৰাকীয়ে শ্ৰেণীত উপস্থিত নথকাৰ বাবে শাস্তি পোৱাৰ ভয়তে এই ভুৱা অপহৰণ কাণ্ডৰ নাটক ৰচনা কৰে। মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ ভাষ্য মতে, তিনিগৰাকী ছাত্ৰীৰ বক্তব্যত অমিল দেখা গৈছে।

আৰক্ষীয়ে উল্লেখ কৰা মতে এই তিনি ছাত্ৰীয়ে নিজ ভাষ্যত মাস্ক পৰিধান কৰা দুগৰাকী ব্যক্তিয়ে তেওঁলোকৰ লগতে আন ১৭ গৰাকী ছাত্ৰীক অপহৰণ কৰা বুলি উল্লেখ কৰিছিল। দুই ব্যক্তিয়ে ছাত্ৰীকেইগৰাকীক পিকনিকলৈ নিয়াৰ বাবে বাহনখনত উঠিবলৈ কয় বুলি তেওঁলোকে লগতে কয়।

ছাত্ৰী তিনিগৰাকীয়ে লগতে বিদ্যালয়লৈ যোৱাৰ পথতে মাস্কধাৰী দুই ব্যক্তিয়ে তেওঁলোকক পিকনিকৰ প্ৰলোভনেৰে এইদৰে অপহৰণ কৰা বুলি দাবী কৰে। বাহনখনত উঠাৰ পিছত ততেওঁলোকৰ সন্দেহ উপজাত গাড়ীৰ পৰা জপিয়াই ওলাই যায় বুলি আৰক্ষীৰ আগত উল্লেখ কৰে।

আনহাতে আৰক্ষীয়ে ছাত্ৰীকেইগৰাকীৰ বক্তব্যত মিল নথকা বুলি উল্লেখ কৰি ঘটনাৰ ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰে। আৰু সেয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰা হয় আৰু সঠিক পৰীক্ষণ কৰাৰ পিছত তেওঁলোকে শ্ৰেণীত উপস্থিত নথকাৰ বাবেই এই কাহিনী ৰচনা কৰে বুলি সদৰী কৰে।