NORTHEAST NOW (Assamese)
Popular Stories

মানুহৰ মগজুত প্ৰথমবাৰৰ বাবে পোৱা গ’ল জীৱন্ত কৃমি; মহিলাৰ মগজুৰ ভিতৰত উদ্ধাৰ মাৰাত্মক পেলু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 29, 2023 1:36 pm

এইবাৰ প্ৰথমবাৰৰ বাবে মানুহৰ মগজুত পোৱা গ’ল এক জীৱন্ত কৃমি বা পেলু। ৬৪ বছৰীয়া অষ্ট্ৰেলিয়ান মহিলাৰ মগজুত উদ্ধাৰ হৈছে এই জীয়া পৰজীৱী কৃমি। অষ্ট্ৰেলিয়ান নেচনেল ইউনিভাৰ্চিটি আৰু কেনবেৰা হাস্পতালৰ চিকিৎসক আৰু গৱেষকে মহিলাগৰাকীৰ মগজুত এই কৃমিটো উদ্ধাৰ কৰে। জীৱিত কৃমিটো ৮ চে:মি: দীঘল আছিল।

উল্লেখ্য যে ফিডাছকাৰিছ ৰবাৰ্টছি নামৰ কৃমিৰ পোষক হৈছে কাৰ্পেট পাইথন  অজগৰ। মহিলাগৰাকীৰ মগজুৰ অস্ত্ৰোপচাৰৰ সময়ত জীৱিত অৱস্থাত উদ্ধাৰ হয় কৃমিটো।

চিকিৎসকসকলে এই কৃমিৰ পলুৱে মহিলাগৰাকীৰ শৰীৰৰ হাওঁফাওঁ আৰু যকৃতকে ধৰি অন্যান্য অংগত আক্ৰমণ কৰাৰ আশংকাও কৰিছে।

লগতে পঢ়ক: ইৰাকত বোমা বিস্ফোৰণেৰে ৩২৩ জন লোকক হত্যাৰ গোচৰত কাৰ্যকৰী কৰা হ‘ল ৩ জনৰ মৃত্যুদণ্ড

অষ্ট্ৰেলিয়ান নেচনেল ইউনিভাৰ্চিটি আৰু কেনবেৰা হাস্পতালৰ সংক্ৰামক ৰোগ বিশেষজ্ঞ সঞ্জয় সেনানায়কে এক বিবৃতিত কয়, “এয়াই হৈছে মানুহৰ বা আন যিকোনো স্তন্যপায়ী প্ৰাণীৰ মগজুত কৃমি সংক্ৰমিত হোৱাৰ প্ৰথমটো ঘটনা। এই কৃমিবোৰৰ পলু সাধাৰণতে সৰু স্তন্যপায়ী আৰু মাৰ্চুপিয়ালবোৰত পোৱা যায়। অজগৰে এইটো খায়। ই সাপৰ শৰীৰতে নিজৰ জীৱনচক্ৰ সম্পূৰ্ণ কৰে।’’

মহিলাগৰাকীয়ে চিকিৎসকে কোৱা “লক্ষণৰ অস্বাভাৱিক সমাহাৰ” ৰোগত আক্ৰান্ত হৈছিল। য’ত আছিল পেটৰ বিষ, কাহ আৰু ৰাতি ঘাম ওলোৱা, ক্ৰমান্বয়ে পাহৰণি আৰু হতাশালৈ বিকশিত হোৱাৰ লক্ষণ।

এই ৰঙা পৰজীৱীটো দুমাহলৈকে তাত থাকিব পাৰিলেহেঁতেন।

লগতে পঢ়ক: ইতিহাসত প্ৰথমবাৰৰ বাবে পাকিস্তানত ভাৰতীয় মিছনৰ নেতৃত্ব দিব এগৰাকী মহিলাই

গৱেষকসকলে সকীয়াই দিছে যে এই ঘটনাটোৱে জীৱ-জন্তুৰ পৰা মানুহলৈ ঘটা ৰোগ আৰু সংক্ৰমণৰ বৰ্ধিত বিপদৰ বিষয়টোকে দাঙি ধৰিছে।