NORTHEAST NOW (Assamese)
দেশ

মহাৰাষ্ট্ৰত দলিত শিশুৰ ওপৰত অত্যাচাৰ, গছত ওলোটাকৈ বান্ধি প্ৰহাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 29, 2023 8:01 pm

মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ এখন গাঁৱত দলিত সম্প্ৰদায়ৰ দুজন নাবালককে ধৰি চাৰিজনক অৰ্ধনগ্ন কৰি গছত ওলোটাকৈ ওলোমাই থৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই ঘটনাৰ এটা দুখলগা ভিডিঅ’।

খবৰ অনুসৰি পোহনীয়া ছাগলী আৰু পাৰ চুৰি কৰাৰ সন্দেহত এনে নিষ্ঠুৰতাৰ বলি হৈছিল দুই শিশুকে ধৰি দলিত যুৱককেইজন।

আৰক্ষীয়ে জনোৱা মতে, এটা উচ্চ বৰ্ণৰ দুজন আৰু অনুসূচিত জাতিৰ দুজনকে ধৰি ছয়জন ব্যক্তিৰ বিৰুদ্ধে অনুসূচিত জাতি অত্যাচাৰ প্ৰতিৰোধ আইনৰ আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। 

অভিযুক্ত সকলে সন্দেহ কৰিছিল যে চাৰিওজন যুৱকে পোহনীয়া পাৰ আৰু ছাগলী চুৰি কৰিছিল। তদন্ত অনুসৰি তেওঁলোকে ভুক্তভোগীসকলক ঘৰৰ পৰা টানি উলিয়াই আনি এখন ফাৰ্মলৈ লৈ গৈছিল য’ত তেওঁলোকৰ কাপোৰ খুলি হাত-ভৰি বান্ধি গছত ওলোটাকৈ বান্ধি প্ৰহাৰ কৰিছিল। 

সৌভাগ্যক্ৰমে স্থানীয় ৰাইজে চাৰিওজনকে উদ্ধাৰ কৰি শিৰাৰামপুৰৰ এখন চিকিৎসালয়লৈ লৈ যায় আৰু পিছত ছ’চিয়েল মিডিয়াত এই আক্ৰমণৰ ভিডিঅ’ ভাইৰেল হৈ পৰে।

বঞ্চিত বহুজন আঘাদীৰ সভাপতি প্ৰকাশ আম্বেদকাৰে কয় যে, “এয়া জাতিগত অত্যাচাৰৰ স্পষ্ট গোচৰ… আমি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো।”

আম্বেদকাৰে টুইটাৰত কয় যে “মই এই মাত্ৰ এজন ভুক্তভোগী আৰু তেওঁৰ আইতাকৰ সৈতে ফোনযোগে কথা পাতিলোঁ। তেওঁক ঠেলি দিয়া হৈছিল, তেওঁৰ শৰীৰত প্ৰস্ৰাৱ কৰা হৈছিল, থু পেলোৱা হৈছিল, থু চেলেকিবলৈ বাধ্য কৰা হৈছিল আৰু কাপোৰ খুলি ওলোটাকৈ ওলোমাই থোৱা হৈছিল।”

ইফালে আহমেদনগৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ওলাই কয় যে ‘আমি এই গোচৰত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছো আৰু অধিক তদন্ত অব্যাহত আছে।’

তদুপৰি স্থানীয় সংগঠনসমূহে শ্ৰীৰামপুৰ-নেৱাছা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।