NORTHEAST NOW (Assamese)
Popular Stories

সাৱধান! পত্নীসকলে স্বামীৰ পৰা লুকুৱাই ৰাখিব পাৰে এইকেইটা কথা!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 29, 2023 6:52 pm

বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে এক শক্তিশালী সম্পৰ্ক। যেতিয়াই সেই বিশ্বাস ভাঙি যায় তেতিয়াই সম্পৰ্কও ভাঙি যায়। স্বামী-স্ত্ৰীৰ সম্পৰ্কও বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল। এই বিশ্বাস সদায় সততাৰ লগত জড়িত হৈ থাকে।

কিন্তু সংসাৰত আউল নালাগিবৰ বাবেও কেতিয়াবা পত্নীয়ে স্বামীৰ পৰা বা স্বামীয়ে পত্নীৰ পৰা কিছুমান কথা লুকুৱাই ৰাখে বা লুকুৱাই ৰাখিবলগা হয়। চাণক্য নীতি অনুসৰিও প্ৰতিগৰাকী পত্নীয়ে গোটেই জীৱন স্বামীৰ পৰা কিছুমান কথা লুকুৱাই ৰাখে।

বেছিভাগ মহিলাৰ বিয়াৰ আগত বা বিয়াৰ পিছতো গোপন ‘ক্ৰাছ’ বা প্ৰিয় ব্যক্তি থাকে। কিন্তু তেওঁলোকে নিজৰ গোপন ব্যক্তিজনৰ বিষয়ে কাৰো আগত জনাব নোখোজে। বিশেষকৈ বিবাহিত মহিলাসকলে কেতিয়াও নিজৰ গোপন ক্ৰাছৰ কথা স্বামীক নকয়।

সংসাৰত সুখী হ’বলৈ সংসাৰৰ সৰু-বৰ সকলো ধৰণৰ সিদ্ধান্তত স্বামী-স্ত্ৰী দুয়োৰে সন্মতি থকাটো প্ৰয়োজন। কিন্তু বিবাহিত জীৱনৰ সকলো সিদ্ধান্ততে পত্নীৰ সন্মতি নাথাকে, তেতিয়াও তেওঁলোকে নিজৰ সিদ্ধান্তৰ কথা অৱগত নকৰি স্বামীৰ সিদ্ধান্তক সদায় সমৰ্থন কৰে। ইয়াৰ আঁৰত প্ৰতিগৰাকী পত্নীৰ এটাই উদ্দেশ্য থাকে, যাতে ঘৰত কোনো কাজিয়া নহয়। পত্নীয়ে কেতিয়াও নিজৰ অসন্তুষ্টিক মৌখিকভাৱে প্ৰকাশ নকৰে।

পৰিয়ালৰ আৰ্থিক সংকটৰ সন্মুখত প্ৰতিগৰাকী পত্নীয়ে ঢাল হিচাপে থিয় দিয়ে। কিন্তু তেওঁলোকে নিজৰ সঞ্চয় ধন স্বামীৰ পৰা লুকুৱাই ৰাখিব বিচাৰে। পত্নীয়ে সঞ্চিত ধন সদায় লুকুৱাই ৰাখে। ঘৰৰ আৰ্থিক সংকট দূৰ কৰাত পত্নীয়ে লুকুৱাই ৰখা টকাখিনিয়েই বহুত সহায় কৰে।

প্ৰায়ে পত্নীসকল কোনোবা নহয় কোনোবা ৰোগত আক্ৰান্ত হয়। কিন্তু বেছিভাগ সময়তে বিবাহিত মহিলাসকলে নিজৰ অসুস্থতাৰ বিষয়ে স্বামীক অৱগত নকৰে। কাৰণ কোনো পত্নীয়ে স্বামী বা পৰিয়ালক এই কথা কৈ অশান্তি দিব নিবিচাৰে। 

উল্লেখ্য, এই লেখাত দিয়া সকলো তথ্য চাণক্য নীতি আৰু বিভিন্ন উৎসৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। সকলো পত্নীৰ লগত এই লেখাটোত উল্লেখ থকা কথাখিনি নাখাটিবও পাৰে।