NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মণিপুৰৰ হিংসাত্মক ঘটনাৰ ২৭ টা খন এহাজাৰৰ গোচৰৰ তদন্ত কৰিব চিবিআই-এ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 31, 2023 8:02 am

মণিপুৰত সংঘটিত জনগোষ্ঠীয় হিংসাৰ সৈতে জড়িত ২৭ খন এজাহাৰৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় তদন্তকাৰী সংস্থা তথা চিবিআই -এ গ্ৰহণ কৰিছে।

সূত্ৰ অনুসৰি মণিপুৰ আৰক্ষীয়ে ২৭টা পঞ্জীয়নকৃত গোচৰ চিবিআইক তদন্তৰ বাবে গতাই দিয়ে। সূত্ৰই জনোৱা মতে, ২৭টা গোচৰৰ ভিতৰত ১৯টা মহিলাৰ ওপৰত হোৱা হিংসাৰ সৈতে জড়িত, ৩ টা গোটৰ লুণ্ঠনৰ সৈতে জড়িত, ২টা হত্যা আৰু ১ টাকৈ দাঙ্গা, হত্যা, অপহৰণ আৰু সাধাৰণ অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ।

চিবিআইৰ দলে অপৰাধস্থলী পৰিদৰ্শন কৰি সন্দেহযুক্ত লোক আৰু ভুক্তভোগীক জেৰা আৰম্ভ কৰিছে বুলি বাতৰি প্ৰকাশ পাইছে।

দেশজুৰি ফেডাৰেল এজেন্সীৰ বিভিন্ন ইউনিটৰ পৰা নিৰ্বাচিত ২৯ গৰাকী মহিলাকে ধৰি ৫৩ জনীয়া চিবিআইৰ বিষয়াৰ দলে এই গোচৰসমূহৰ তদন্ত কৰিব বুলি জানিব পৰা গৈছে।