NORTHEAST NOW (Assamese)
Popular Stories

চিকিৎসালয়ক সহায়ৰ বাবে নিজৰ বিশ্বকাপ বিজয়ী জাৰ্চিৰ নিলাম কৰিলে এইগৰাকী ইংৰাজ ক্ৰিকেটাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2020 9:21 am
BUTTLER

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সৈতে যুঁজি থকা ইংলেণ্ডৰ চিকিৎসালয়ৰ বাবে নিজৰ বিশ্বকাপ বিজয়ী জাৰ্চি নিলাম কৰি অৰ্থ সাহায্য আগবঢ়াইছে ইংলেণ্ডৰ তাৰকা উইকেটকীপাৰ বেটছমেন জ’চ বাটলাৰে।

বিগত বৰ্ষত নিউজিলেণ্ডৰ বিপক্ষে বিশ্বকাপৰ ফাইনেলত বিজয়ী হোৱা জাতীয় দলৰ জাৰ্চিটো ভাৰতীয় টকাৰ হিচাপত ৬১ লাখ টকাত নিলাম কৰে ক্ৰিকেটাৰ গৰাকীয়ে।

বিশ্বকাপৰ ফাইনেলত পৰিধান কৰা জাৰ্চিটো নিলাম কৰি লাভ কৰা ধনখিনি ক্ৰিকেটাৰ গৰাকীয়ে ইংলেণ্ডৰ ৰোয়েল ব্ৰম্পটন আৰু হেৰফিল্ড হাস্পাতালৰ বাবে দান কৰে।

ক’ৰ’না ভাইৰাছৰ বাবে চিকিৎসালয় দুখনক উন্নীত কৰাৰ বাবেই বাটলাৰে এনেদৰে বিশেষ স্মৃতি বিজৰিত জাৰ্চিটো নিলাম কৰি লাভ কৰা ধনখিনি দান কৰে।

উল্লেখযোগ্য যে, ইংলেণ্ডতো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে সংহাৰী ৰূপ ধাৰণ কৰিছে। ইংলেণ্ডৰ প্ৰধান মন্ত্ৰী বৰিছ জনছন ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ বৰ্তমান সময়ত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

জ’চ বাটলাৰে বৰ্তমানলৈ ৪০ খন টেষ্টত ২০৯৯ ৰান সংগ্ৰহ কৰাৰ লগতে ১৪২ খন এদিনীয়া আন্তঃৰাট্ৰীয়ত অংশ লৈ ৩,৮৪৩ ৰান সংগ্ৰহ কৰিছে।