NORTHEAST NOW (Assamese)
অসম

কোভিদ-১৯-ক লৈ আমেৰিকাৰ সমালোচনাৰ পাছতে একতাৰ আহ্বান বিশ্ব স্বাস্থ্য সংস্থাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2020 8:51 am
WHO-Director-General-Tedros-Adhanom-Ghebreyesus-750x375

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সমালোচনাৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাৰ সচিৱে সকলোকে একতাৰ বাবে আহ্বান জনাইছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ সচিৱ প্ৰধান টেড্ৰ’চ আধান’মে বুধবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্য্যক ৰক্ষণাবেক্ষণ দি কোভিদ-১৯-ক লৈ চলি ৰাজনীতিকৰণৰ অন্ত পেলাবলৈ আহ্বান জনায়।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইয়াৰ পূৰ্বে আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থালৈ আগবঢ়াই অহা সাহায্য বন্ধ কৰাৰ কথা বিবেচনা কৰিব বুলি উল্লেখ কৰিছিল।

ট্ৰাম্পে লগতে বিশ্ব স্বাস্থ্য সংস্থাই কোভিদ-১৯ মহামাৰীক লৈ চীনৰ পক্ষ লোৱা বুলিও সমালোচনা কৰিছিল।

ট্ৰাম্পৰ সমালোচনাৰ উত্তৰ দি টেড্ৰ’চে কয়, ‘‘আমি সকলো ৰাষ্ট্ৰৰ প্ৰতি সমভাৱাপন্ন আৰু ৰং হীন।’’

মঙলবাৰে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে বিশ্ব স্বাস্থ্য সংস্থাক সমালোচনাৰ লক্ষ্য কৰি লৈ সংস্থাটোৱে প্ৰথমে তেওঁলোকৰ অগ্ৰাধিকাৰৰ বিষয়ে জ্ঞাত হ’ব লাগে বুলি কৈছিল।

ট্ৰাম্পে লগতে আমেৰিকাই পৰৱৰ্তী সময়ত বিশ্ব সংস্থালৈ সাহায্য যোগান অব্যাহত ৰাখিব নে বন্ধ কৰিব সেই সম্বন্ধেও পৰ্য্যালোচনা কৰিব বুলি মত প্ৰকাশ কৰিছিল।

আনহাতে, ট্ৰাম্পৰ ভাবুকিৰ পাছত সাহায্য সম্পৰ্কে মত প্ৰকাশ কৰি আন এগৰাকী বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াই বৰ্তমান সময় এই সম্বন্ধে বিচাৰ কৰাৰ সময় নহয় বৰ্তমান সময় হ’ল সংস্থাই কাম কৰাৰ সময় বুলি কয়।