NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

বীভৎস! নিজৰ কন্যাক হত্যা কৰি মৃতদেহৰ টুকুৰা ফ্ৰীজত ভৰাই থলে মাতৃয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 31, 2023 4:55 pm
Woman Killed daughter

দিল্লীৰ নৃশংস শ্ৰদ্ধা হত্যাকাণ্ডৰ বৰ্বৰতাই স্তব্ধ কৰি তুলিছিল দেশবাসীক। নিজৰ প্ৰেমিকে সেই যুৱতীগৰাকীক হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰকৈ কাটি ভৰাই থৈছিল ফ্ৰীজত। এই ঘটনা পোহৰলৈ অহাৰ পিছতে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল।

দিল্লীৰ এই ফ্ৰীজকাণ্ডৰ অনুৰূপ এক ঘটনা সংঘটিত হৈছে ব্ৰাজিলত। দেশখনত এগৰাকী মহিলাই নিজৰ কন্যাক হত্যা কৰি মৃতদেহ কাটি পেলোৱাৰ পিছত মৃতদেহৰ টুকুৰাসমূহ ফ্ৰীজত ভৰাই থোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা সংঘটিত হৈছে ছাও পাওলোত।

প্ৰকাশিত খবৰ অনুসৰি, গত ৮ আগষ্টৰ পৰা ৯ আগষ্টৰ ভিতৰত কন্যাগৰাকীক মাতৃয়ে ড্ৰাগছ সেৱন কৰি হত্যা কৰা বুলি সন্দেহ কৰা হৈছে। ইয়াৰ প্ৰায় তিনি সপ্তাহ পিছত তেওঁৰ ঘৰৰ ফ্ৰীজত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটোৰ কটা টুকুৰাবোৰ।

যোৱা ২৬ আগষ্টত আৰক্ষীয়ে কন্যা হত্যাৰ অভিযোগত ৩০ বৰ্ষীয় ৰুথ ফ্ল’ৰিয়ানো নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্যসমূহ।

আৰক্ষীয়ে সদৰী কৰা মতে, হত্যাৰ বলি হোৱা কন্যাগৰাকীয়ে পিতৃৰ সৈতে মাতৃ ফ্ল’ৰিয়ানোৱে সম্পৰ্ক বিচ্ছেদ কৰাৰ কথা মানি ল’ব পৰা নাছিল। আৰু এই কাৰণতে ফ্ল’ৰিয়ানোৱে নৃশংসভাৱে হত্যা কৰিছিল নিজ সন্তানক।

স্বামীৰ সৈতে বিচ্ছেদৰ পিছত ফ্ল’ৰিয়ানো আন এগৰাকী পুৰুষৰ সৈতে সম্পৰ্কলৈ আহে। কন্যা ছিলভাক হত্যা কৰাৰ সময়ত প্ৰেমিকো তেওঁৰ ঘৰত থকা বুলি স্বীকাৰ কৰিছে ফ্ল’ৰিয়ানোয়ে।

আৰক্ষীৰ জেৰাৰ সময়ত তেওঁ প্ৰথমাৱস্থাত কন্যা হত্যাৰ অভিযোগ অস্বীকাৰ কৰিছিল। প্ৰথমে তেওঁ আৰক্ষীক দিয়া ভাষ্য মতে, দুয়ো একেলগে ড্ৰাগছ-সুৰা সেৱন কৰি শুই পৰিছিল। তেওঁ টোপনিৰ পৰা সাৰ পোৱাৰ পূৰ্বেই ছিলভাৰ মৃত্যু হোৱা বুলি ফ্ল’ৰিয়ানোৱে প্ৰথমে দাবী কৰিছিল।

অৱশ্যে মৃতদেহৰ অংগচ্ছেদ কৰি শৰীৰৰ অংগসমূহ ফ্ৰীজত ৰখাৰ কথা স্বীকাৰ কৰিছিল তেওঁ। কিন্তু আৰক্ষীৰ ধাৰাবাহিক জেৰাত পিছত ফ্ল’ৰিয়ানোৱে ড্ৰাগছ সেৱন কৰি কন্যাগৰাকীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে।

তেওঁৰ স্বীকাৰোক্তি মতে, ছিলভাই দাঁত ব্ৰাছ কৰি থকাৰ সময়তে ফ্ল’ৰিয়ানোৱে ছিলভাৰ বুকুত ছুৰীৰে আঘাত কৰিছিল। ইয়াৰ পিছতে ইণ্টাৰনেটত মৃতদেহৰ অংগচ্ছেদ কৰাৰ সহজ পন্থা সন্ধান কৰে ফ্ল’ৰিয়ানোৱে।

ফ্ল’ৰিয়ানোৱে লগতে স্বীকাৰ কৰা মতে, কন্যাৰ মৃতদেহৰ ছিন্ন অংগসমূহ ফ্ৰীজত থৈ পিছত ওচৰৰ নলাত পেলাই দিছিল। তদুপৰি কিছুমান অৱশিষ্ট অংগ সিজাই নষ্ট কৰাৰ কথাও তেওঁ স্বীকাৰ কৰিছে।

লক্ষণীয়ভাৱে, মৃত ছিলভাৰ উপৰিও মহিলাগৰাকীৰ আৰু দুটি সন্তান আছে। কিন্তু তেওঁৰ এনে বৰ্বৰতাৰ প্ৰতি লক্ষ্য ৰাখি এই দুয়োটা সন্তানকে এতিয়া চহৰৰ এক এজেন্সীৰ তত্বাৱধানত ৰখা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।