NORTHEAST NOW (Assamese)
দেশ

ইতিহাস: ৰে’লৱে ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু অধ্যক্ষ পদত প্ৰথমগৰাকী মহিলা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 31, 2023 8:22 pm
Jaya Verma Sinha

দেশৰ ৰে’লৱে ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু অধ্যক্ষ হিচাপে নিযুক্ত হৈছে জয়া বাৰ্মা সিনহা। আজি কেন্দ্ৰই বাৰ্মাক উক্ত পদত নিযুক্তি দিয়াৰ লগে লগে ৰে’ল মন্ত্ৰালয়ৰ ১০৫ বছৰীয়া ইতিহাসত উক্ত পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে।

আজি এক বিবৃতি যোগে কেন্দ্ৰই জয়া বাৰ্মা সিনহাৰ নিযুক্তিৰ বিষয়ে ঘোষণা কৰে। এলাহাবাদ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী ছিনহাই ১৯৮৮ চনত ভাৰতীয় ৰে’লৱে যাতায়ত সেৱা (আই আৰ টি এছ)ত যোগদান কৰিছিল।

বিদায়ী অনিল কুমাৰ লাহতিৰ স্থানত স্থলাভিষিক্ত হ’ব সিনহা। তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ১ ছেপ্টেম্বৰতে তেওঁ দায়িত্ব গ্ৰহণ কৰিব। ২০২৪ চনৰ ৩১ আগষ্টত তেওঁৰ কাৰ্যকাল সমাপ্ত হ’ব।

উল্লেখ্য যে, অহা ১ অক্টোবৰত জয়া বাৰ্মা সিনহাই অৱসৰ লোৱাৰ কথা আছিল। কিন্তু নতুনকৈ দায়িত্বত নিযুক্ত হোৱাৰ ফলশ্ৰুতিত তেওঁক একেদিনাই বাকী থকা কাৰ্যকালৰ বাবে পুনৰ নিযুক্তি দিয়া হ’ব।