NORTHEAST NOW (Assamese)
Popular Stories

বিষাক্ত সাপে দংশন কৰিলেও কিয় মত্যু নহয় ঘোঁৰাৰ? জানেনে? জানিবলৈ পঢ়ক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 1, 2023 3:49 pm

সাপে সদায় নেউললৈ ভয় কৰে। কিয়নো নেউলৰ শৰীৰৰ ছালখন বিশেষ ধৰণে গঠিত হোৱাৰ বাবে সাপৰ দংশনত নেউলৰ মৃত্যু নহয়।

কিন্তু আশ্চৰ্যজনকভাৱে নেউলৰ দৰে সাপে কামোৰাত ঘোঁৰাও মৰি নাযায়। ইয়াৰ বৈজ্ঞানিক কাৰণ হ’ল সাপে কামুৰিলে ঘোঁৰাৰ শৰীৰত এন্টি-ভেনম উৎপন্ন হয়।

দীৰ্ঘদিন ধৰি বিজ্ঞানীসকলে ঘোঁৰাৰ তেজৰ ছিৰামৰ পৰা এন্টি-ভেনম তৈয়াৰ কৰি মানুহক সাপৰ বিষৰ পৰা ৰক্ষা কৰি আহিছে। সাপে কামুৰিলে ঘোঁৰাটো কোনো ক্ষতি নহয়। অতি বিষাক্ত সাপে কামোৰাৰ পিছত  ঘোঁৰাবোৰ সাধাৰণতে এদিন বা দুদিনলৈকে দুৰ্বল হৈ পৰে। তাৰ বাহিৰে আন একো ক্ষতি নহয় ঘোঁৰাৰ। 

ঘোঁৰা সাপে কামুৰিলে ঘোঁৰাৰ শৰীৰত বিশেষ এন্টি-ভেনম উৎপন্ন হয়। এই এন্টি-ভেনমে সাপৰ বিষৰ ফলপ্ৰসূতা নিষ্ক্ৰিয় কৰাৰ কাম কৰে। ফলত ঘোঁৰাৰ শৰীৰত উৎপন্ন হোৱা এই এন্টি-ভেনমে সৰ্প দংশনৰ বলি হোৱা মানুহৰ প্ৰতিষেধক হিচাপে কাম কৰে।

সাপৰ বিষৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰা এন্টি-ভেনম তৈয়াৰ কৰিবলৈ বিশ্বজুৰি অসংখ্য এন্টি-ভেনম কোম্পানী আছে। ঘোঁৰাৰ শৰীৰত সাপৰ বিষ প্ৰয়োগ কৰি তাৰ পিছত ঘোঁৰাৰ দেহত সৃষ্টি হোৱা এন্টি-ভেনমৰ পৰা মানুহৰ বাবে এন্টি-ভেনম ভেকচিন প্ৰস্তুত কৰাটোৱেই তেওঁলোকৰ প্ৰধান কাম। 

বিষাক্ত সাপে কামোৰাৰ দুদিনৰ ভিতৰত ঘোঁৰাৰ তেজত এন্টিভেনম উৎপন্ন হয়। ইফালে ভেকচিন প্ৰস্তুত কৰা কোম্পানীবোৰে সেই ঘোঁৰাবোৰ পৰা তেজ সংগ্ৰহ কৰি ৰঙা আৰু শ্বেত ৰক্তকণিকা পৃথক কৰি কেৱল ছিৰামখিনিহে লয়। এই ছিৰামটো বিশেষধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে এন্টি-ভেনম ভেকচিন প্ৰস্তুত কৰা হয়।