NORTHEAST NOW (Assamese)
দেশ

‘জোড়েগা ভাৰত, জিতেগা ইণ্ডিয়া’ শ্ল’গানেৰে মুম্বাইত নিৰ্বাচনী ৰণদুন্দুভি INDIAৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 1, 2023 5:48 pm
INDIA

২০২৪ৰ নিৰ্বাচনী ৰণত প্ৰধানমন্ত্ৰী মোদী তথা বিজেপি নেতৃত্বাধীন শাসকীয় এন ডি এ জোঁটক প্ৰত্যাহ্বান জনাবলৈ প্ৰায় সাজু হৈ উঠিছে বিৰোধী মিত্ৰজোঁট INDIA। আজি মুম্বাইত অনুষ্ঠিত মিত্ৰজোঁটৰ তৃতীয়খন বৈঠকত ৰণদুন্দুভি বজালে ঐক্যবদ্ধ বিৰোধীয়ে।

মোদীৰ একনায়কত্ববাদ আৰু দুৰ্নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিবলৈ সংকল্প হৈছে INDIA মিত্ৰজোঁটে। আগন্তুক লোকসভা নিৰ্বাচনত যৌথভাৱে প্ৰতিদ্বন্দিতা কৰাৰ বাবে প্ৰস্তাৱ গৃহীত কৰি মিত্ৰজোঁটে সদস্য দলসমূহৰ মাজে আসন ভাগ-বতোৰাৱা সন্দৰ্ভত শীঘ্ৰেই আলোচনা হ’ব বুলি সদৰী কৰিছে।

আজি বৈঠকতে মিত্ৰজোঁটৰ এখন ১৪ জনীয়া সমন্বয় সমিতি গঠন কৰা হয়। এই সমিতি হব INDIAৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী কমিটি। অৱশ্যে সমন্বয় সমিতিৰ নেতৃত্ব কোন ল’ব, সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই।

১৪ জনীয়া এই সমন্বয় সমিতিত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপাল, এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ, শিৱসেনা (ইউ বি টি) নেতা সঞ্জয় ৰাউট, আৰ জে ডি নেতা আৰু বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী, আপৰ সাংসদ ৰাঘৱ চদ্ধা, ডি এম কে নেতা টি আৰ বালু, সমাজবাদী পাৰ্টিৰ পৰা জাভেদ খান, জনতা দল ইউনাইটেডৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিং, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন, চি পি আই নেতা ডি ৰাজা, নেশ্যনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লা আৰু পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ মুৰব্বী মেহবুবা মুফতি। চিপিআই(এম)ৰ পৰা এজন সদস্য শীঘ্ৰেই ঘোষণা কৰা হ’ব।

ইফালে আজি বৈঠকতে মিত্ৰজোঁটে ‘জোড়েগা ভাৰত, জিতেগা ইণ্ডিয়া’ শীৰ্ষক শ্ল’গানো গ্ৰহণ কৰে। এই শ্ল’গানটো দেশৰ বিভিন্ন আঞ্চলিক ভাষাত জনতাৰ মাজলৈ লৈ যোৱা হ’ব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই শ্ল’গানেৰে সংবাদ মাধ্যমৰ জৰিয়তে বিৰোধী INDIAক জনতাৰ মাজলৈ নিবলৈ কৌশল গ্ৰহণ কৰা হ’ব।

বৈঠকত লগতে মিত্ৰজোঁটৰ অন্তৰ্ভুক্ত প্ৰতিটো দলৰে সদস্যক লৈ ১৯ জনীয়া এখন প্ৰচাৰ সমিতি, সামাজিক মাধ্যমৰ বাবে ১২ জনীয়া এখন সমিতি, সংবাদ মাধ্যমৰ বাবে ১৯ জনীয়া সমিতি আৰু গৱেষণাৰ বাবে ১১ জনীয়া আন এখন সমিতি গঠন কৰা হৈছে।

 

লক্ষণীয়ভাৱে মুম্বাই বৈঠকত INDIAৰ সদস্যৰ সংখ্যাও বৃদ্ধি পাইছে। পাটনাত অনুষ্ঠিত হোৱা বিৰোধী ঐক্যৰ প্ৰথমখন বৈঠকত ১৬ টা বিৰোধী দলে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছত বেংগালুৰুত অনুষ্ঠিত হোৱা দ্বিতীয়খন বৈঠকত সেই সংখ্যা ২৬ লৈ বৃদ্ধি পাইছিল।

বাংগালুৰু বৈঠকৰ পাছত এতিয়া মিত্ৰজোঁটৰ সদস্য দলৰ সংখ্যা বৃদ্ধি পাই ২৮ টা হৈছে। এই দলসমূহৰ প্ৰতিটো বিৰোধী দলৰে নেতৃবৃন্দ মুম্বাইৰ বৈঠকত উপস্থিত থাকে।

ইণ্ডিয়াই লগতে জনতাৰ মৌলিক সমস্যা আৰু গুৰুত্বপূৰ্ণ বিষয়সমূহ জনতাৰ ওচৰলৈ লৈ যাবলৈ দেশৰ বিভিন্ন প্ৰান্তত অতি শীঘ্ৰেই ৰাজহুৱা সমাৱেশ আয়োজন কৰাৰ সংকল্প গ্ৰহণ কৰিছে।