NORTHEAST NOW (Assamese)
অসম

প্রাক্তন প্রধানমন্ত্রী দেৱগৌড়াৰ নাতিয়েক প্ৰজ্বল ৰেভান্নাৰ সাংসদ পদ নাকচ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 2, 2023 12:00 pm

কৰ্ণাটক আদালতে নাকচ কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতিয়েকৰ সাংসদ পদ। উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পিছত নিৰ্বাচনী নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছিল জেডি(এছ)ৰ সাংসদ প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে।

অভিযোগ উত্থাপন হৈছিল যে নিৰ্বাচন আয়োগক তেওঁ সম্পত্তিৰ হিচাপ দিয়া নাছিল। আদালততো দাখিল কৰা হৈছিল গোচৰ। সেই অভিযোগ মানি লৈ আদালতে ৰেভান্নাৰ সাংসদ পদ খাৰিজ কৰে।

কৰ্ণাটকৰ হাছান সমষ্টিৰ পৰা ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক পৰাস্ত কৰিছিল ৰেভান্নাই। নিৰ্বাচনৰ পিছতে তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

সেই সমষ্টিৰ এজন ভোটাৰ আৰু বিজেপিৰ পৰাজিত প্ৰাৰ্থীয়ে এই সন্দৰ্ভত আদালতৰ কাষ চাপিছিল। সেই গোচৰত দেৱগৌড়াৰ নাতিৰ সংসদীয় পদ খাৰিজ কৰা হৈছে। আদালতে নির্বাচন আয়োগক তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে ৷

দৰাচলতে কৰ্ণাটকৰ পৰা ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৰেভান্না আছিল একমাত্ৰ জেডি(এছ)ৰ সাংসদ। ইপিনে, প্ৰাজ্বল ৰেভান্নাৰ উপৰি সাংসদ পদ নাকচ কৰাৰ লগতে পিতৃ এইচ ডি ৰেভান্না (প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক) আৰু ভাতৃ সুৰজ ৰেভান্নাৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈও নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়ে আদালতে।